অসম

অখিল গগৈক ‘পাগল’ আখ্যা দিয়া যুৱকৰ বিৰুদ্ধে গোচৰ

ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ(Akhil Gogoi)ৰ বিৰুদ্ধে সামাজিক মাধ্যমত অপমানসূচক মন্তব্যৰে পোষ্টত কমেণ্ট কৰাৰ বিৰুদ্ধে আজি শিৱসাগৰত ৰাইজৰ দলৰ জিলাখনৰ নেতৃত্বই এজাহাৰ দাখিল।

বিগত ২২ আগষ্টত শিৱসাগৰৰ সমষ্টিৰ নৱ বিধায়ক অখিল গগৈক সামাজিক মাধ্যমত “পহ্লাদ নাথ” নামৰ একাউণ্টৰ পৰা ‘পাগল’ আখ্যা আৰু শিৱসাগৰবাসীক ‘পাগল’ বুলি অপমানসূচক আৰু অশালীন মন্তব্যৰে পোষ্টত কমেণ্ট কৰিছিল।

এই কমেণ্টৰ পিছতে ঘটনা সন্দৰ্ভত আৰক্ষী আৰু প্ৰশাসনক আইনগত ব্যৱস্থা গ্ৰহণ কৰিবলৈ শিৱসাগৰ জিলা সমিতিৰ ৰাইজৰ দলৰ বিষয়ববীয়াসকলে শিৱসাগৰ সদৰ থানাত এখন এজাহাৰ দাখিল কৰে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: