অঙ্গনৱাড়ী কৰ্মীৰ মাহেকীয়া বৈঠকত ধঁপাত নিয়ন্ত্রণৰ সজাগতা

সংবাদদাতা, পশ্চিম যোৰহাট:– অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ যোৰহাট জিলা কাৰ্যালয়ৰ অধীনস্থ সংহত শিশু উন্নয়ন প্ৰকল্প উত্তৰ-পশ্চিম যোৰহাটৰ সৰুচৰাই ক্লাষ্টাৰৰ ২৮টা অঙ্গনৱাড়ী কেন্দ্রৰ কৰ্মীৰ মাহেকীয়া বৈঠক গৰুমৰাৰ ডৰিকামাৰি অঙ্গনৱাড়ী কেন্দ্রক আমন্ত্রণত ২৫ জানুৱাৰীত অনুষ্ঠিত হয়।প্ৰাৰ্থনাৰে আৰম্ভ হোৱা আৰু মুখ্য সেৱীকা সুমিত্রা চুতীয়াই শুভাৰম্ভ কৰা বৈঠকত যোৰহাট জিলা ধঁপাত নিয়ন্ত্রণ কোষৰ মনোবিজ্ঞানী দীপ্তি শইকীয়াই ধঁপাত সেৱনৰ বাবে মানৱ শৰীৰত হোৱা ৰোগ, ক্ষতি আৰু ধঁপাত সেৱনৰ পৰা বিৰত থকাৰ উপায়, আইন আদিৰ সম্পর্কত ব্যাখ্যা কৰে। গৰুমৰা হাইস্কুলৰ পৰা অৱসৰ গ্ৰহণ কৰা প্ৰধান শিক্ষক দুৰ্লভ চন্দ্র বৰা, পশ্চিম যোৰহাট সাংবাদিক সংস্থাৰ সভাপতি ৰমেন শইকীয়াই বক্তব্য আগবঢ়োৱা বৈঠকত উপস্থিত থকা সকলক ধঁপাত নিয়ন্ত্রণ কোষে প্ৰকাশ কৰা একোখনকৈ পুস্তিকা প্ৰদান কৰে। ৰান্ধনীজানত জীৱিকা সখী চিত্ৰাৱতী নাথৰ আমন্ত্রণত আন এখন সজাগতা সভা অনুষ্ঠিত হয়। এলেকাটোৰ আত্মসহায়ক গোট আৰু গ্ৰাম্য সংগঠনৰ সৈতে উপস্থিত থকা সভাত যোৰহাট জিলা ধঁপাত নিয়ন্ত্রণ কোষৰ মনোবিজ্ঞানী দীপ্তি শইকীয়াই ধঁপাত সেৱনৰ বাবে মানৱ শৰীৰত হোৱা ৰোগ, ক্ষতি আৰু ধঁপাত সেৱনৰ পৰা বিৰত থকাৰ উপায়, আইন আদিৰ সম্পর্কত ব্যাখ্যা কৰে।সভাত ৰমেন শইকীয়াইও একেষাৰ কয়। সৃষ্টিৰ কৰ্মকৰ্তাৰ লগতে ৰাইজৰ দ্বাৰা প্ৰতিষ্ঠিত-পৰিচালিত অনুষ্ঠানৰ সৈতেও জড়িতসকল উপস্থিত আছিল। উল্লেখ্য, যোৰহাট জিলা ধঁপাত নিয়ন্ত্রণ কোষে জিলাখনৰ গাঁওসমূহত সজাগতা সভা অনুষ্ঠিত কৰি আছে।