অসম

অনাতাঁৰ শিল্পী মঞ্চৰ প্ৰতিষ্ঠা দিৱস আয়োজন

সংবাদদাতা, বাহনা:- অনাতাঁৰ শিল্পী মঞ্চ, যোৰহাটৰ ১৯ সংখ্যক প্ৰতিষ্ঠা দিৱস ১১ ডিচেম্বৰত পালনৰ আয়োজন কৰিছে। কে বি ৰোডৰ মহাপুৰুষ শংকৰদেৱ কৃষ্টি-কলা গৱেষণা কেন্দ্ৰত হ’বলগীয়া প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ বিয়লি ৪-৩০ বজাত নৃত্য-গীতৰ আকৰ্ষণীয় অনুষ্ঠানৰ আয়োজন কৰিছে। যোৰহাটৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামীয়ে মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰিবলগীয়া অনুষ্ঠান উদ্বোধন কৰিব উপায়ুক্ত অশোক কুমাৰ বৰ্মনে। অনুষ্ঠানত মঞ্চৰ শিল্পীসকলে গীত পৰিৱেশন কৰাৰ উপৰিও নিমন্ত্ৰিত শিল্পীয়ে নৃত্য প্ৰদৰ্শন কৰিব। উল্লেখ্য, যোৰহাটত নিয়মীয়াকৈ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা অনাতাঁৰ শিল্পী মঞ্চই বিগত দুবছৰে ক’ভিডৰ কাৰণে কোনো অনুষ্ঠান অনুষ্ঠিত কৰা নাছিল। প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত ৰাইজৰ উপস্থিতি শিল্পী মঞ্চই কামনা কৰিছে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: