অসম

অপঞ্জীয়নকৃত ব্যক্তিগত শিক্ষানুষ্ঠানত ছাত্ৰ-ছাত্ৰীৰ পঞ্জীয়ন নহ’ব

বিদ্যালয়ৰ সমূহৰ পৰিদৰ্শকৰ নিদেৰ্শক লৈ নগাঁৱত ছাত্ৰ-ছাত্ৰীৰ হাহাকাৰ

সংবাদদাতা, জুৰীয়া:- অসম শিক্ষক কৰ্মচাৰী ঐক্যমঞ্চই লিখিত অভিযোগ দাখিল কৰাৰ পাছত নগাঁও জিলাত কাঠফুলাৰ দৰে গজি উঠা অপঞ্জীয়নকৃত ব্যত্তিগত শিক্ষানুষ্ঠানৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে জিলা সংমণ্ডল বিদ্যালয় সমূহৰ পৰিদৰ্শক মৃদুল কুমাৰ নাথে৷ কালি পৰিদৰ্শক জনে IS/ NDC/AAP/ Private School/ 2021/974 নম্বৰৰ এক নিৰ্দেশযোগে জিলাখনৰ সকলো চৰকাৰী উচ্চ, উচ্চতৰ মাধ্যমিক আৰু কনিষ্ঠ মহাবিদ্যালয়বোৰৰ মুৰব্বীসকলক চৰকাৰী নীতি অনুসৰি পঞ্জীয়ন নকৰিবলৈ জনায়৷ এই নিৰ্দেশৰ পাছত জিলাখনৰ বিভিন্ন প্ৰান্তৰ ব্যক্তিগত খণ্ডৰ

শতাধিক এনে শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীৰ জীৱন লৈ অমানিশা নামি আহিছে৷ উল্লেখ্য যে যোৱা ১৯ জুলাইত অসম শিক্ষক কৰ্মচাৰী ঐক্যমঞ্চৰ এটা প্ৰতিনিধি দলে জিলা সংমণ্ডল বিদ্যালয় সমূহৰ পৰিদৰ্শকজনক সাক্ষাৎ কৰি অপঞ্জীয়নভূত্ত শিক্ষানুষ্ঠানৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰিছিল৷ তেওঁলোকে অভিযোগ কৰিছিল যে একাংশ চৰকাৰী শিক্ষানুষ্ঠানে ব্যত্তিগত স্বাৰ্থ সিদ্ধিৰ বাবে ব্যত্তিগত খণ্ডৰ শিক্ষানুষ্ঠান সমূহৰ নৱম আৰু একাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ পঞ্জীয়ন কৰি আহিছে৷ আনকি, মেট্ৰিক পৰীক্ষাৰ ফলাফলৰ ঘোষণাৰ পূৰ্বেই একাদশ শ্ৰেণীৰ

ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি প্ৰক্ৰিয়াও আৰম্ভ কৰিছিল৷ জিলা সংমণ্ডল বিদ্যালয় সমূহৰ পৰিদৰ্শকজনে দিয়া নিৰ্দেশৰ পাছত আজি শিক্ষক কৰ্মচাৰী ঐক্যমঞ্চৰ সভাপতি আনোৱাৰ হুছেইন চৌধুৰীৰ নেতৃত্বত যোৱা এটা প্ৰতিনিধি দলে তেওঁক ধন্যবাদ জনোৱাৰ লগতে ’আছাম নন গভমেণ্ট ইডুকেচন ৰেগুলেচন এণ্ড মেনেজমেণ্ট এক্ট- ২০০৬’ অনুসৰি শেহতীয়াকৈ গঢ় লৈ উঠা বিভাগীয় পঞ্জীয়ন নথকা সকলো ব্যত্তিগত খণ্ডৰ শিক্ষানুষ্ঠানক তৎকালীনভাৱে পঞ্জীয়ন ব্যবস্থা কৰি ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যৎ সুনিশ্চিত কৰিবলৈ আহ্বান জনায়৷ ইপিনে, পৰিদৰ্শক জনে জৰুৰীভাৱে জাৰি কৰা নিৰ্দেশৰ পাছত

জিলাখনৰ অলিয়ে-গলিয়ে গঢ় লৈ উঠা শিক্ষানুষ্ঠান সমূহৰ হাহাকাৰ লাগে৷ মন কৰিবলগীয়া যে জিলাখনত বৰ্তমান লৈকে ডেৰ শতাধিক ব্যক্তিগত খণ্ডৰ বিভাগীয় পঞ্জীয়নভুক্ত বিদ্যালয় আছে যদিও কিমান অপঞ্জীয়নকৃত আছে, সেই তথ্য বিদ্যালয় সমূহৰ পৰিদৰ্শকজনৰ কাৰ্যালয়ত নাই বুলি সংবাদ মাধ্যমক সদৰি কৰে৷ বিদ্যালয়ৰ সমূহৰ পৰিদৰ্শক জনক সাক্ষাৎ কৰাৰ পিছত সংবাদ মাধ্যমৰ আগত ঐক্যমঞ্চৰ নেতৃবৰ্গই জানিবলৈ দিছে যে জিলাখনৰ বটদ্ৰৱা, ধিং, ডুমডুয়া, ৰূপহী, জুৰীয়া আদি অঞ্চলৰ অধিকাংশ চৰকাৰী শিক্ষানুষ্ঠান নীতি বহিৰ্ভূতভাৱে

নৱম আৰু একাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ পঞ্জীয়ন সৈতে জড়িত হয় আছে৷ তেওঁলোকে জিলাখনৰ বিভিন্ন প্ৰান্তত থকা অপঞ্জীয়নকৃত শিক্ষানুষ্ঠানৰ এখন তালিকাও দাঙি ধৰে৷ সেই শিক্ষানুষ্ঠান বোৰ হৈছে নৱ জাগৰণ বিদ্যাপীঠ(বেছামাৰী), বেছামাৰী চাইন্স একাডেমী, ধূপগুৰি জুনিয়ৰ কলেজ, এ কে জাতীয় বিদ্যালয় (উদমাৰী), শংকৰ আজান বিদ্যাপীঠ, তাৰামাৰী জাতীয় বিদ্যালয়, জ্ঞান কমল জাতীয় বিদ্যালয়, আলহাজ হুছেইন আলী একাডেমী (তিনিচুকীয়া), ইছলামীক একাডেমী (ৰৌমাৰী), কান্দুলীমাৰী জ্ঞান দৰ্শন জাতীয় বিদ্যালয়, ডা: এ পি জে জুনিয়ৰ কলেজ আদি৷

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: