অসম

অপহৃত ৰিতুল শইকীয়াৰ বাসগৃহত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা

সংবাদদাতা, পূৱ যোৰহাট : আজি কিছু দিনৰপৰা অপহৃত হৈ থকা  তেল আৰু প্ৰাকৃতিক গেছ আয়োগৰ কৰ্মচাৰী বৰহোলা নাঙল গাৱৰ ৰিতুল শইকীয়াৰ ঘৰত উপস্হিত হয় অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। অসমৰ নৱনিযুক্ত মুখ্যমন্ত্ৰীজন

উপস্থিত হৈ আজি কিছু দিন ধৰি অপহৃত হৈ থকা ৰিতুল শইকীয়াৰ পৰিয়ালবৰ্গৰ লগত মত-বিনিময় কৰাৰ লগতে অপহৃত ব্যক্তিজনক তৎপৰতাৰে উদ্ধাৰ কৰাৰ ক্ষেত্ৰত অসম চৰকাৰে খৰটকীয়া প্ৰচেষ্টা লোৱাৰ আশ্বাস দিয়ে।

আজি এই ভ্ৰমণ কালত সাংসদ কামাখ্যা প্ৰসাদ তাছা, তপন গগৈ, পল্লৱলোচন দাস, বিধায়ক ভাস্কৰ বৰুৱা, প্ৰাক্তন বিধায়ক হেমন্ত কলিতা, জিলা উপায়ুক্ত ৰশ্মি অপৰান্জী কৰাটে, আৰক্ষী অধীক্ষক অংকুৰ কুমাৰ বৰ্মনে মুখ্যমন্ত্ৰী গৰাকীক সংগ দিয়ে। 

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: