অসম

অপৰাধ অনুসন্ধান বন সংমণ্ডলৰ জালত চোৰাং চিকাৰী

৮ জাই গুলি, গঁড়ৰ নখ উদ্ধাৰ

সংবাদদাতা, বিশ্বনাথ:- কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ অপৰাধ অনুসন্ধান বনাঞ্চলিক কাৰ্য্যালয়ৰ চোৰাং চিকাৰী বিৰোধী অভিযানত বিশ্বনাথ অপৰাধ অনুসন্ধান বনাঞ্চলিক কাৰ্য্যালয়ৰ ৰেঞ্জাৰ ইকবাল হুছেইনৰ নেতৃত্বত

এক গোপন সূত্ৰৰ পমখেদি চলোৱা অভিযানত বিশ্বনাথৰ খেৰবাৰীৰ পৰা ৮ জাই ৩০৩ ৰাইফলৰ গুলি আৰু দুটা গড়ৰ নখ উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ কালি নিশা ১২ বজাত চলোৱা এই অভিযানত খেৰবাৰীৰ মজাম আলি নামৰ ব্যক্তিজনৰ ঘৰৰ পৰা এই সামগ্ৰী সমূহ উদ্ধাৰ হৈছে৷

পাকঘৰৰ পিৰালিত পুতি থোৱা অৱস্থাত আছিল সামগ্ৰী সমূহ৷ মজাম আলিক গ্ৰেপ্তাৰ কৰিছে বন বিভাগে। ধৃত মজাম আলি বিগত বৰ্ষৰ ৭ আগষ্ট আৰু চলিত বৰ্ষৰ ২২ এপ্ৰিলত সংঘটিত গঁড় হত্যাৰ লগত জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে বন বিভাগে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: