অসম

অবিৰতভাবে ধূলাত কৰ’না ৰোগীক সহায়ৰ হাত প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাসৰ

সংবাদদাতা, ধূলা : সমগ্ৰ দেশৰ লগতে অসমতো কভিড-১৯ৰ বাবে চলি আছে আংশিক লক ডাউন। কৰ’নাৰ ঢৌত  জনজীৱন এক প্ৰকাৰৰ স্থবিৰ হৈ পৰিছে। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লগতে দৰং জিলাতো এই কৰ’না মহামাৰীয়ে জনজীৱনলৈ ভাবুকি টানি আনিছে। শেহতীয়াকৈ দৰং জিলাৰ মঙলদৈ সমষ্টিৰ অন্তৰ্গত

ধূলাৰ লগতে কেইবাটাও অঞ্চলত কৰুণা ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে। কৰ’নাত আক্ৰান্ত হোৱা একাংশ লোকক কোৱাৰাইণ্টাইন কেন্দ্ৰ আৰু হোম কোৱাৰাইণ্টাইনত থাকিবলৈ নিৰ্দেশ দিয়ে চিকিৎসা বিভাগে। ধূলাৰ বহু কেইটা অঞ্চল যেনে পানীয়াখাট, টাংনি চাহ বাগিচা প্ৰাথমিক বিদ্যালয়, ২নং মাজগাঁও,

ডাকচকী আদি কোৱাৰাইণ্টাইনত থকা ৰোগী সকলৰ খা-খবৰ লবলৈ সময় নাই কাৰো। তেনে সময়তে এই ক্ষেত্ৰত এক বিপৰিতমুখী ছবি দাঙি ধৰিলে ৬৭নং মঙলদৈ বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাসে। সমষ্টিটোৰ অন্তৰ্গত বিভিন্ন প্ৰান্তত দিন-ৰাতি একাকাৰ কৰি ক’ভিড-১৯ত আক্ৰান্ত

হোৱা ৰোগী সকলৰ খা-খবৰ লৈ থকা পৰিলক্ষিত হয়। ধূলাৰ পানিয়াখাট গাৱৰ ফুলেশ্বৰ নাথ, ২নং মাজগাঁও (ডাকচকী) ৰ চেনেহী ডেকা, মনালিচা ডেকা আৰু সংগীতা ডেকা,টাংনী চাহবাগান এল পি স্কুলৰ কোৱাৰাইণ্টাইন কেন্দ্ৰ আদি বিভিন্ন কোৱাৰাইণ্টাইন কেন্দ্ৰত উপস্থিত হৈ ৰোগীক দিহা-পৰামৰ্শ

আগবঢ়োৱাৰ লগতে কিছু খাদ্য-সামগ্ৰী বিতৰণ কৰে গুৰুজ্যোতি দাসে। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ কেন্দ্ৰত সাফল্যমণ্ডিত ৭ম বৰ্ষ পুৰ্ত্তি উপলক্ষে বিধায়ক গৰাকীয়ে ধূলা টাংনি চাহ বাগান এল পি স্কুলত থকা কোৱাৰাইণ্টাইন কেন্দ্ৰটো পৰিদৰ্শন কৰাৰ লগতে কিছু খাদ্য-সামগ্ৰী বিতৰণ কৰে বুলি জানিবলৈ দিয়ে।

ইয়াৰ উপৰিও ধূলা প্ৰাথমিক চিকিৎসা কেন্দ্ৰৰ লগতে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ কৰ্মচাৰী সকলৰ খবৰ লয় প্ৰাক্তন বিধায়ক গৰাকীয়ে।আনহাতে প্ৰত্যেক দিনাই ৰাতিপুৱাৰ পৰা নিশালৈ সমষ্ঠী খনৰ প্ৰায়বোৰ গাঁৱত উপস্থিত হৈ গাঁওবাসীৰ বুজ লয় ৬৭নং মঙলদৈ বিধান সভা সমষ্টিৰ প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাসে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: