অসম

অবৈধ সুৰা, কয়লাৰ সৰবৰাহৰ বিৰুদ্ধে ধনশিৰি মহকুমাধিপতিক জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ স্মাৰকপত্ৰ

সংবাদদাতা, সৰুপথাৰ: ধনশিৰি মহকুমাৰ সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ চুঙাজান আঞ্চলিক সমিতিয়ে অঞ্চলতোত অবৈধ সুৰা আৰু কয়লাৰ সৰবৰাহৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে ধনশিৰি মহকুমাধিপতিক এক স্মাৰকপত্ৰ প্ৰদান কৰে৷ চুঙাজান জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি কিৰণ বৰাৰ দ্বাৰা স্বাক্ষৰিত স্মাৰকপত্ৰখনত অসম নগালেণ্ড সীমান্তৰ চুঙাজানৰ নাওখাট এম ভি পথেদি বিগত কিছুদিন ধৰি অবৈধ অৰুণাচলি সুৰা, কয়লা ভৰ্তি ট্ৰাক চুবুৰীয়া ৰাজ্য নগালেণ্ড আৰু কাৰ্বি আংলং জিলালৈ সৰবৰাহ হৈ আহিছে বুলি সংগঠনটোয়ে অভিযোগ আনিছে৷ এই অবৈধ ব্যৱসায় বন্ধ কৰিবৰ বাবে স্মাৰকপত্ৰখনৰ যোগেদি মহকুমাধিপতি গৰাকীক সংগঠনটোয়ে অনুৰোধ জনাইছে৷

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: