অষ্টম দিনাও লাহৰীঘাট অব্যাহত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিত কৰ্মচাৰীৰ ধৰ্মঘট

সংবাদদাতা, লাহৰীঘাট:- আজিও অষ্টম দিনাত অব্যাহত আছে ৰাজ্যৰ বিভিন্ন উন্নয়ন খণ্ডৰ লগতে লাহৰীঘাট উন্নয়ন খণ্ডত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ অনিৰ্দিষ্টকালীন কৰ্মবিৰতি আৰু ধৰ্মঘট। লাহৰীঘাট উন্নয়ন খণ্ডৰ কাৰ্যালয় প্ৰাংগণত ১ ফেব্ৰুৱাৰীৰ পৰা অনিৰ্দিষ্টকালীন কৰ্মবিৰতি আৰু অৱস্থান ধৰ্মঘট পালন কৰে কৰ্মচাৰীসকলে। আজি ৮ দিনত ভৰি দিলে এই বিক্ষোভ কাৰ্যসূচীয়ে কিন্তু এতিয়ালৈ চৰকাৰৰ পৰা লাভ কৰা নাই কোনো সঁহাৰি। চৰকাৰে তেখেত সকলৰ দাবী মানি নোলোৱা পৰ্যন্ত অবিৰাম ভাবে চলি থাকিব এই কৰ্ম বিৰতি। ৬০ বছৰলৈ চাকৰি সুনিশ্চিত কৰা, সকলো কৰ্মচাৰীৰ বাবে ROPৰ ব্যৱস্থা কৰা, সম কামৰ সমবেতন নীতি, চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰা সকলো সুবিধা প্ৰদান, বিভাগত খালী থকা পদসমূহত অভিজ্ঞতা আৰু যোগ্যতা অনুসৰি পুনৰ পৰীক্ষা পাতি নিযুক্তি প্ৰদান কৰাৰ দাবী তুলি প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে এই দাবী সমূহ সমাধানৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মাৰ হস্তক্ষেপ বিচাৰে ঠিকাভিত্তিক কৰ্মচাৰীসকলে। কৰ্মচাৰীসকলে অতিশীঘ্ৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক এই বিষয়ে হস্তক্ষেপ প্ৰদান কৰিবলৈ দাবী জনায়।