অসম

অষ্টম মিঃ গোৱালপাৰা দেহশ্ৰী প্ৰতিযোগিতা-২০২১ৰ সামৰণি

ধ্ৰুৱজ্যোতি কলিতালৈ "মিঃ অসম" আৰু ৰজত দেলৈ "মিঃ গোৱালপাৰা" খিতাপ

সংবাদদাতা, দুধনৈ:- সদৌ অসম দেহশ্ৰী সন্থাৰ স্বীকৃতি প্ৰাপ্ত গোৱালপাৰা জিলা দেহশ্ৰী সন্থাৰ উদ্যোগত যোৱা ১১ আৰু ১২ ডিচেম্বৰত গোৱালপাৰা চহৰত অনুষ্ঠিত হোৱা অষ্টম “মিঃ গোৱালপাৰা” (২০২১) আৰু দ্বিতীয় “মাষ্টাৰ-মিঃ গোৱালপাৰা” (২০২১) প্ৰতিযোগিতাৰ সফল ভাবে সামৰণি পৰিছে। যোৱা ১১ ডিচেম্বৰত অনুষ্ঠিত হোৱা মিঃ গোৱালপাৰা চিনিঅৰ শাখাত ধ্ৰুৱজ্যোতি কলিতাই “মিঃগোৱালপাৰা” খিতাপ লাভ কৰি সোণৰ পদক সহ ট্ৰফী লাভ কৰিবলৈ সক্ষম হ’য়। আনহাতে জুনিঅৰ শাখাত দুধনৈ ষ্টাৰ জিমৰ ৰজত দেই “মিঃ গোৱালপাৰা” খিতাপ দখল কৰি সোণৰ পদক তথা ট্ৰফী লাভ কৰিবলৈ সক্ষম হয়। ১২ ডিচেম্বৰত অনুষ্ঠিত হোৱা মিঃ অসম প্ৰতিযোগিতাৰ চিনিঅৰ শাখাত পুনৰবাৰ মিঃগোৱালপাৰা ধ্ৰুৱজ্যোতি কলিতাই সোণৰ পদক সহ ট্ৰফী লাভ কৰি “মিঃ অসম”ৰ সন্মান আজুৰি আনে। আনহাতে জুনিঅৰ শাখাত “মিঃ অসমৰ” খিতাপ লাভ কৰে কামৰূপ জিলাৰ সোণাপুৰৰ মনিশ দাসে। প্ৰতিযোগিতাত পুৰুষ আৰু মহিলাৰ মাজত ফিটনেছ প্ৰতিযোগিতাও অনুষ্ঠিত হৈছিল। ইয়াৰ উপৰিও ওভাৰ অল টাইটেল শাখাত মাটিয়া জিমৰ জয় বসুমতাৰীয়ে “মাষ্টাৰ” মিঃ গোৱালপাৰা খিতাপ লাভ কৰে। গোৱালপাৰা জিলাৰ লগতে অসমৰ কেবাখনো জিলাৰ পৰা প্ৰায় ৩৫জন প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰিছিল। প্ৰতিযোগিতাত আন্তৰাষ্ট্ৰীয় শৰীৰ চৰ্চাবিদ দীপক গগৈ উপস্থিত থাকি দেহ প্ৰদৰ্শন কৰি খেলুৱৈ সকলক উৎসাহিত কৰাৰ উপৰিও দৰ্শকৰ মন জয় কৰে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: