অসম

অসমীয়া ভাষা ব্যৱহৃত ব্যৱসায়িক প্ৰতিষ্ঠানবোৰত টংলা সাহিত্য সভাৰ প্ৰশংসা পত্ৰ প্ৰদানেৰে সন্মানিত

সংবাদদাতা, টংলা:- ওদালগুৰি জিলা সাহিত্য সভাৰ উদ্যোগত টংলা সাহিত্য সভাৰ সহযোগত আজি ইংৰাজী নৱবৰ্ষৰ ১ জানুৱাৰী তাৰিখে টংলা সাহিত্য সভাৰ অন্তৰ্গত ব্যৱসায়িক প্ৰতিষ্ঠান সমূহৰ নামফলকত ‘অসমীয়া ভাষা’ ব্যৱহাৰ কৰি ৰাজ্যিক ভাষাটোৰ ব্যৱহাৰৰ বাবে ব্যৱসায় প্ৰতিষ্ঠান সমূহক প্ৰশংসা পত্ৰ প্ৰদানেৰে সন্মানিত কৰা হয়। দিনৰ ১১বজাত প্ৰথম প্ৰশংসা পত্ৰখন টংলা চহৰৰ ধনৰাজ হোটেল এণ্ড ৰেষ্টুৰেণ্টখনলৈ ওদালগুৰি জিলা সাহিত্য সভাৰ সভাপতি হৰেশ্বৰ কলিতাদেৱে প্ৰদান কৰে লগতে এখনি বিহুৱানেৰে আদৰণি জনাই টংলা সাহিত সভাৰ তৰফৰ পৰা টংলা সাহিত্য সভাৰ সভাপতি গৌৰীশংকৰ দাসদেৱে। লগতে অনুষ্ঠানত উপস্থিত থাকে অসম সাহিত্য সভাৰ ৰাজ্যিক কাৰ্য্যনিৰ্বহক ভদ্ৰকান্ত শৰ্মা, দেৱৰাজ সাপকাতা, ধৰণীধৰ মেধি, ওদালগুৰি জিলা সাহিত্য সভাৰ উপ সভাপতি আদিত চন্দ্ৰ কলিতা, সম্পাদক ড° পবিত্ৰ শৰ্ম, সহঃ সম্পাদক তপেশ্বৰ ৰাভা, ওদালগুৰি জিলা সাহিত্য সভাৰ প্ৰক্তন সম্পাদক কমলেশ্বৰ শৰ্মা, টংলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নবিন বেজবৰুৱা, সম্পাদক দিবাকৰ বড়া, আৰু টংলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক হেমন্ত বৰুৱা আৰু জিলা প্ৰতিনিধি অনন্তনাৰায়ন ভট্টচাৰ্য্য, টংলা সাহিত্য সভাৰ পুথিভড়াল সম্পাদক উমেশ কুমাৰ দাস প্ৰাক্তন উপ সভানেত্ৰী চন্দ্ৰপ্ৰভা দত্ত, পূৰ্ণিমা ভূঞা, কাৰ্য্যালয় সম্পাদক নগেন বৰুৱা, সাংবাদীক অৰূপ বড়ো, ফটিক ৰাভা আৰু নাৰায়ণ ডেকাৰ লগতে বহুকেইগৰাকী টংলা সাহিত্য সভাৰ সদস্য আৰু সদস্যাবৃন্দ।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: