অসম

অসমৰ চাহ জনগোষ্ঠীয় মন্ত্ৰী, বিধায়ক, সাংসদৰ প্ৰতিমূৰ্তি দাহেৰে মাৰ্ঘেৰিটা আছাৰ উত্তাল প্ৰতিবাদ সাব্যস্ত

সংবাদদাতা, মাৰ্ঘেৰিটা:- কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, সাংসদ পল্লৱ লোচন দাস, ৰাজ্যিক শ্ৰম মন্ত্ৰী সঞ্জয় কিচান, বিধায়ক তেৰচ গোৱালা আৰু সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ প্ৰতিমূৰ্তি ধাহ কাৰ্যসূচীৰে মাৰ্ঘেৰিটাত আজি আছাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। অসমত বসবাস কৰা আদিবাসী সকলৰ জনজাতি কৰণত বিলম্ব, জাতি গত প্ৰমাণ পত্ৰত Tea Tribe আৰু Ex-Tea Tribe নামেৰে প্ৰমাণ পত্ৰ প্ৰদান কৰাৰ বিৰোধিতা, ভূমি অধিকাৰ, চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি, আদিবাসী চেটেলাইট অট’নিমাছ কাউন্সিল গঠন, বাগিচা এলেকাৰ বিদ্যালয় আৰু চিকিৎসালয় চৰকাৰী কৰণৰ ক্ষেত্ৰত মাত নমতাত অভিযোগৰ লগতে আদিবাসী সকলৰ কেইবাটাও দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ দাবীত আজি মাৰ্ঘেৰিটা ব্লক তিনি আলি স্থিত ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত আছা’ৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিয়ে কেইবাজনো চাহ জনগোষ্ঠীয় মন্ত্ৰী, সাংসদ, মন্ত্ৰী আৰু বিধায়কৰ পুত্তলিকা দাহেৰে এই প্ৰতিবাদ সাব্যস্ত কৰে। আদিবাসী ছাত্ৰ সন্থা কেন্দ্ৰীয় আৰু তিনিচুকীয়া জিলা সমিতিৰ নিৰ্দেশ মৰ্মে আছা মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ উদ্যোগত এই প্ৰতিমূৰ্তি দাহ কাৰ্যসূচী ৰূপায়ণ কৰে। আছা মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ সভাপতি জাৰ্নেল মিঞ্জ সম্পাদক অজয় মুণ্ডৰী সহকাৰী সম্পাদক সমুৱেল তপন্ন, উপসভাপতি সঞ্জয় বাৰলা লগতে আছা তিনিচুকীয়া জিলা সমিতিৰ সম্পাদক ৰামাঞ্জ লাক্ৰাৰ উপস্থিত থকা আজিৰ প্ৰতিবাদস্থলীৰ পৰাই চৰকাৰ প্ৰশাসনক হুংকাৰ প্ৰদান কৰি কয় যে অসমৰ আদিবাসী জনগোষ্ঠীৰ সকলৰ দীৰ্ঘদিনিয়া এই সমস্য সমূহ অনতিপ্ৰলমে সমাধান নকৰিলে সমগ্ৰ অসমজোৰি তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য হ’ব।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: