অসম

অসম আৰক্ষীৰ নিষ্ঠাৱান হোমগাৰ্ড বৰছিং বে’লৈ সততাৰ পুৰস্কাৰ ডিজিপি ভাস্কৰজ্যোতি মহন্তৰ

নিউজ ডেস্ক : আজি ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই নিষ্ঠাৱান হোমগাৰ্ড বৰছিং বে’লৈ কৰ্তব্যনিষ্ঠা আৰু সততাৰ পুৰস্কাৰ স্বৰূপে একলাখ টকা সাহায্য প্ৰদান কৰে। ইয়াৰে পঞ্চাশ হাজাৰ টকা বৰছিং বে’ই লাভ কৰিব আৰু বাকী ধনখিনি তেওঁৰ দলীয় সতীৰ্থসকলৰ মাজত বিতৰণ হ’ব।

উল্লেখ্য যে,কালি অৰ্থাৎ মঙ্গলবাৰে মণিপুৰৰ ম’ৰে জিলাৰ পৰা কার্বি আংলং হৈ আহি থকা অৱস্থাত বৰছিং বে’ নামৰ হোমগার্ড জনে সন্দেহবশতঃ এম এন–০৬ বি–০৫১১ নম্বৰৰ গাড়ীখনত তালাচী চলাওঁতে বাৰ কোটি টকা মূল্যৰ ড্রাগ্ছ উদ্ধাৰ হৈছিল। মণিপুৰৰ পৰা এজন যুৱক, দুগৰাকী মহিলাই লৈ অহা এই ড্রাগ্ছখিনি গাড়ীখনৰ বিভিন্ন স্থানত লুকুৱাই অনা হৈছিল৷

হোমগার্ডজনে তালাচী চলাওঁতেই তেওঁক তামিল মহিলা দুগৰাকীয়ে তালাচী নচলাবলৈ বৃহৎ পৰিমাণৰ উপঢৌকন যাচে যদিও কর্তব্যনিষ্ঠাৰ পৰিচয় দি বৰছিং বে’ই গাড়ীখন পথৰ কাষত ৰখোৱাই আৰক্ষীৰ দলক খবৰ দিয়াত তিনি কিলোগ্রাম ওজনৰ এই ড্রাগছখিনি জব্দ কৰিবলৈ সক্ষম হৈছিল। অসম আৰক্ষীৰ সঞ্চালক প্ৰধানে এনে কৰ্তব্যনিষ্ঠাক ভূয়সী প্ৰশংসা কৰে আৰু পুৰস্কাৰ আগবঢ়োৱাৰ যি ঘোষণা কৰিছিল আজি সেই প্ৰতিশ্ৰুতি পালন কৰে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: