অসম কলেজ শিক্ষক সংস্থা যোৰহাটৰ নাৰী দিৱস পালন

সংবাদদাতা, পূব যোৰহাট:- অসম কলেজ শিক্ষক সংস্থা যোৰহাট মণ্ডলৰ মহিলা কোষৰ উদ্যোগত আজি আন্তজাৰ্তিক নাৰী দিৱস চাৰিগাঁও উচ্চ বালিকা বিদ্যালয়ত উদযাপন কৰা হয়। এই উপলক্ষে বিদ্যালয়ৰ ছাত্ৰী সকলৰ লগতে মাতৃসকলৰ উপস্থিতিত এখনি স্বাস্থ্য সজাগতা সভা অনুষ্ঠিত হয়। সভাত যোৰহাট মেডিকেল কলেজ হস্পিতালৰ চিকিৎসক ডাঃ কৃষ্ণাাৰাণী বৰদলৈয়ে সমল ব্যক্তিৰূপে অংশগ্ৰহণ কৰি নাৰী দিৱসৰ তৎপৰ্য্য ব্যাখা কৰাৰ লগতে মহিলাৰ ঋতুস্ৰাৱ জনিত সমস্যা আৰু স্বাস্থ্য বিধিৰ ওপৰত বিতং আলোচনা আগবঢ়ায়। মণ্ডল সমিতিৰ সভাপতি ড° সনাতন কলিতাৰ সঞ্চালনাত অনুষ্ঠিত সভাত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য ড° ক্ষিৰোদ শইকীয়া আৰু সম্পাদক ড° অনন্ত তামোলীয়ে ভাগ লৈ আজিৰ লিংগ সমতাই ভৱিষ্যতৰ বহনক্ষম সমাজ গঢ়াত কিদৰে সহায় কৰিব তাৰ ওপৰত বক্তব্য আগবঢ়ায়। মণ্ডল সমিতিৰ আহ্বায়ক ড° সংগীতা দাসে আঁত ধৰা আৰু উদ্দেশ্যে ব্যাখা কৰা সভাত বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী নৱনিতা নেওঁগ আৰু মহিলা কোষৰ যোৰহাট মণ্ডলৰ কাৰ্য্যনিৰ্বাহক সদস্য স্বপ্নাজ্যোতি বৰাই চমু বক্তব্য আগবঢ়ায়। এই কাৰ্য্যসূচীৰ লগত সংগতি ৰাখি ছাত্ৰীসকলৰ মাজত যোৰহাটৰ বিশিষ্ট সমাজ সেৱিকা শীতল জালানে চেনিটেৰী নেপকিন বিতৰণ কৰি ছাত্ৰী সকলৰ স্বাস্থ্য সজাগতাৰ ওপৰত চমু বক্তব্য আগবঢ়ায়। শেষত দিনটোৰ প্ৰতিটো কাৰ্য্যসূচীৰ সফল ৰূপায়ণত সহযোগ কৰা প্ৰতি গৰাকী সদস্যকে ড° সংগীতা দাসে শলাগ আৰু ধন্যবাদ জ্ঞাপন কৰে।