অসম

অসম কেশৰী অম্বিকাগিৰী ৰায়চৌধুৰীক জন্মদিনত শ্ৰদ্ধাৰে সোঁৱৰণ সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ

সংবাদদাতা, ভূৰবন্ধা:- সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাই প্ৰথম বাৰৰ বাবে মৰিগাঁও গান্ধী ভৱনৰ বাকৰিত অসম কেশৰী অম্বিকাগিৰী ৰায়চৌধুৰীৰ জন্ম জয়ন্তী উপলক্ষে শ্ৰদ্ধাৰে সোঁৱৰণ কৰে। মহীৰূহ গৰাকীৰ প্ৰতিচ্ছবিত তিনিগছি বন্তি প্ৰজ্বলন কৰে ক্ৰমে বিশিষ্ট সাংবাদিক অজিত শৰ্মা, মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি দিপুল কুমাৰ নাথ আৰু সম্পাদক ৰূপজ্যোতি মেধিয়ে। আনহাতে পুষ্পাঞ্জলি অৰ্পণ কৰে মৰিগাঁও জিলা মিডিয়া ক্লাবৰ সভাপতি ৰাতুল ডেকা, অসম নিউজ চেনেলৰ মৰিগাৱঁৰ সাংবাদিক ভৰত কুমাৰ নাথ, সাংবাদিক অংকুৰ ডেকা, তপন বাংঠাই, চন্দন হীৰাকে আদি কৰি বহুকেইজনে। বিশেষকৈ ৰাজ্যিক সাংবাদিকতা বঁটাৰে বিভূষিত বিশিষ্ট সাংবাদিক অজিত শৰ্মাৰ লগতে জিলা ছাত্ৰ সন্থাৰ সভাপতি দিপুল কুমাৰ নাথে মহীৰূহ গৰাকীৰ জীৱন দৰ্শনৰ ওপৰত বিস্তৃত ভাৱে আলোকপাত কৰে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: