চিকিম

অসম চাহ জনজাতি ছাত্র সন্থা কেন্দ্ৰীয় সমিতিৰ উদ্যোগত টংলাত ৭৪ সংখ্যাক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ ব্যাপক প্ৰস্তুতি

সাংস্কৃতিক শোভাযাত্ৰা, গ্রন্থ উন্মোচন, বঁটা প্ৰদানেৰে অনুষ্ঠিত হ'ব বৰ্ণাঢ্য কাৰ্যসূচী

সংবাদদাতা, টংলা:- অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছা কেন্দ্ৰীয় সমিতিৰ ৭৪ সংখ্যাক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসটি অহা ২৮ ডিচেম্বৰত ওদালগুৰি জিলাৰ অন্তৰ্গত শৈক্ষিক নগৰী টংলাৰ টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰিবলৈ ব্যাপক আয়োজন কৰা হৈছে। বৰ্তমান অসমৰ এক অন্যতম সংগ্ৰামী সত্ত্বাৰূপে সৰ্বজন পৰিচিত আৰু সমাদৃত ছাত্ৰ সংগঠন অসম চাহ জনজাতি ছাত্ৰ সন্থাই ১৯৪৭ চনৰ ২৮ ডিচেম্বৰ তাৰিখে তৎকালীন দুৰদৰ্শী তথা বিচক্ষণ তৰুণ ছাত্ৰ প্ৰয়াত চাইমন সিংহৰ আৰু সন্তোষ কুমাৰ তপ্নৰ নেতৃত্ব কেইগৰাকীমান সমভাৱাপন্ন সতীৰ্থ ছাত্ৰৰ উদ্যোগত আৰু কিছু প্ৰতিষ্ঠিত ব্যক্তিৰ দিগদৰ্শনত ‘অসম ছোটনাগপুৰী ছাত্ৰ সন্মিলন নামেৰে আত্মপ্ৰকাশ কৰে। পৰৱৰ্তী কালত চাহ বাগিচা সম্প্ৰদায় ছাত্ৰ সন্থা, চাহ মাজদুৰ ছাত্ৰ সন্থা আদি নামৰ বিৱৰ্তনৰ মাজেৰে আহি সংগঠনটিয়ে বৰ্তমান অসম চাহ জনজাতি ছাত্ৰ সন্থাৰূপে অসমৰ জনমানসত প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হয়। চাহ জনগোষ্ঠীৰ সৰ্বাঙ্গীণ উন্নতিকল্পে সংগ্ৰাম কৰি যোৱাৰ উদ্দেশ্য বিশ্ব প্ৰেক্ষাপটতত চাহ জনগোষ্ঠীৰ লগতে অসম তথা ভাৰতবৰ্ষক উজ্জ্বলাই তুলিবলৈ সক্ষম হয় আৰু ইতিমধ্যে ৭৪টা বৰ্ষ অতিক্ৰম কৰিবলৈ সক্ষম হয়। সন্থাটোৰ যোগেদি জনগোষ্ঠীটোৰ শৈক্ষিক, সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক সমস্যাৰ লগতে অসমৰ জাতীয় সমস্যাৰাজিৰ সমাধানৰ পথ প্ৰশস্ত কৰিবলৈ উক্ত ৭৪ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসটি আয়োজন কৰা হৈছে বুলি ওদালগুৰি জিলা আটছাৰ সভাপতি দ্বীপ তাঁতী আৰু সম্পাদক বিজু চাওৰাই এক প্ৰেছ বিবৃত্তিৰ জৰিয়তে জানিবলৈ দিয়ে। উক্ত প্ৰতিষ্ঠা দিবসৰ কাৰ্যসূচী অনুসৰি উক্ত দিনা পুৱা ৮ বজাত বাটছৰা উদ্বোধন কৰিব ভেৰগাঁও মহকুমাৰ মহকুমাধিপতি দীপক ভূঞাই, ৮: ৩০ বজাত অতিথিশালা উদ্বোধন কৰিব অভ্যৰ্থনা সমিতিৰ কাৰ্যকৰী সভাপতি কৈলাস গোড়ে, ৯ বজাত সন্থা আৰু ৭৪ সংখ্যাক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি ৭৪খন পতাকা উত্তোলন কৰিব ক্ৰমে কেন্দ্ৰীয় আটছাৰ সভাপতি ধীৰাজ গোৱালা, অভ্যৰ্থনা সমিতি, কেন্দ্ৰীয় সমিতি, জিলা সমিতি, প্ৰাক্তন সভাপতি সম্পাদক, সমাজ সেৱক সকলে। ৯: ৩০ বজাত শ্বহীদ তৰ্পণ লগতে কা আন্দোলনৰ শ্বহীদ ঈশ্বৰ নায়কৰ প্ৰতিচ্ছবিত মাল্যাপৰ্ণ আৰু শ্ৰাদ্ধঞ্জলি কৰিব আটছাৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক অনন্ত সোণে। ১০ বজাত গছপুলি ৰোপণ কৰিব ক্ৰমে ওদালগুৰি জিলা বন বিষয়া প্ৰবোধ কুমাৰ ব্ৰহ্ম, বিশিষ্ট সমাজ সেৱক বলিৰাম ডেকা, দলগাওঁ শিক্ষক প্ৰশিক্ষণ বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰবক্তা ৰোমিঅ খাকলাৰী আৰু মৌগাঁও মিলন হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক সম্ভূৰাম ৰাভাই। ১০: ৩০ বজাত সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিব বিশিষ্ট শিল্পী পবিত্ৰ ৰাভাই। ১১: ৩০ বজাত অনুষ্ঠিত হ’ব লগা মুকলি সভাত উদ্বোধনী ভাষণ দিব আটছাৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক অনন্ত সোণেই, আদৰণীয় ভাষণ দিব অভ্যৰ্থনা সমিতিৰ সভাপতি ডঃ দিলীপ বৰুৱাই। আটছাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ধীৰাজ গোৱালাৰ সভাপতিত্বত অনুষ্ঠিত হ’ব লগা মুকলি সভাতে “চাহ জনজাতি ছাত্ৰ সন্থাৰ ইতিহাস” শীৰ্ষক গ্ৰন্থ উন্মোচন কৰিব অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মা আৰু বিশিষ্ট সাহিত্যিক ময়ূৰ বৰাই। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ সংগঠনৰ উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই, বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সম্পাদক পলাশ চাংমাই, এবছুৰ দ্বীপেন বড়ো, আৰছুৰ নৃপেন খাণ্ডাৰ লগতে বিভিন্ন দল সংগঠনৰ বিষয় ববীয়া সকল উপস্থিত থাকিব বুলি উদ্যোগতাই জানিবলৈ দিয়ে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: