অসম

অসম জাতীয়তাবাদী যুৱ পৰিষদৰ ২১ তম প্ৰতিষ্ঠা দিৱস উদযাপন

চৰকাৰক মূল্য বৃদ্ধি ৰোধ কৰিবলৈ দাবী সংগঠনটোৰ

সংবাদাতা, লক্ষীমপুৰঃ অসম জাতীয়তাবাদী যুৱ পৰিষদৰ ২১ ত্বম প্ৰতিষ্ঠা দিৱস দেওবাৰে লালুক আঞ্চলিক সমিতিয়ে অনুষ্ঠুপীয়াকৈ আয়োজন কৰে। প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি লালুক আঞ্চলিক সমিতিয়ে বৰ্ত্তমান ক’ভিড মহামাৰিৰ জটিল ক্ষণত জৰুৰীকালীন সেৱাত নিয়োজিত হৈ থকা স্বাস্থ্যকৰ্মী, প্ৰশাসনৰ লোক সকলক আৰু সংবাদকৰ্মী সকলক এখন গামোচা আৰু এটি গছপুলিৰে সম্বৰ্ধনা জ্ঞাপন কৰে।প্ৰতিষ্ঠা দিৱসৰ এই পবিত্র ক্ষণত সংগঠনটোৰ বিষয়ববীয়া তথা কৰ্মকৰ্তা সকলক এক প্ৰেছ বিবৃতিৰ যোগেদি

অভিনন্দন জ্ঞাপন কৰে‌। পৰিষদে জন্ম লগ্নৰে পৰা যিদৰে অসমৰ শোষিত নিষ্পেষিত জনগণৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে যি ধৰণে মাত মাতি আহিছে আগন্তুক দিনটো ৰাইজৰ আশীৰ্বাদ আৰু সহায় সহযোগত অতন্দ্ৰ প্ৰহৰি হিচাপে ঠিয় দি যাবলৈ অংগীকাৰবদ্ধ বুলি বিবৃতিত উল্লেখ কৰে। লালুক আঞ্চলিক সমিতিৰ সভাপতি ৰত্নেশ্বৰ বৰুৱা‌ আৰু সাধাৰণ সম্পাদক তুষাৰ প্ৰতীম হাজৰিকাই দাবী উত্থাপন কৰে যে ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী আৰু প্ৰেট্ৰল, ডিজেল, ইন্ধনৰ মূল্যবৃদ্ধি

ৰোধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক কিয়নো ক’ৰনা মহামাৰীয়ে জনসাধাৰণৰ আর্থিক দিশৰো একেবাৰে ভাঙি পেলাইছে যাৰ ফলস্বৰূপে জনসাধাৰণৰ অৱস্থা শোচনীয় হৈ পৰিছে। প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত অসম জাতীয়তাবাদী যুৱ পৰিষদ লালুক আঞ্চলিক সমিতিৰ সভাপতি ৰত্নেশ্বৰ বৰুৱা‌, সাধাৰণ সম্পাদক তুষাৰ প্ৰতীম হাজৰিকা, যুৱ পৰিষদৰ লখিমপুৰ জিলা সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য দিব্য বৰা, লালুক আঞ্চলিক সমিতিৰ সাংগঠনিক সম্পাদক প্ৰণৱ মহন্ত, উপ-সভাপতি যতিন গগৈ, উপদেষ্টা প্ৰাঞ্জল খাউণ্ড উপস্থিত থাকে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: