অসম

অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদ, বৰহোলা আঞ্চলিকৰ উদ্যোগত অসম ভিত্তিত কবিতা প্ৰতিযোগিতাৰ আয়োজন

সংবাদদাতা, বৰহোলা:- অসমীয়া কাব্য সাহিত্য চৰ্চাকাৰীসকলৰ বাবে সুখবৰ। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, বৰহোলা আঞ্চলিক সমিতিৰ উদ্যোগত আয়োজন কৰা হৈছে অসম ভিত্তিত অনলাইন কবিতা প্ৰতিযোগিতাৰ। পৰিষদৰ সভাপতি ব্যাসদেৱ শইকীয়া আৰু সাধাৰণ সম্পাদক বিজু শইকীয়াই এই প্ৰতিবেদকক জানিবলৈ দিয়া অনুসৰি অসম ভিত্তিত অনুষ্ঠিতব্য অনলাইন কবিতা প্ৰতিযোগিতাখনি সকলো বয়সৰ প্ৰতিযোগী কবিৰ বাবে মুকলি থাকিব। অহা ৩১ জানুৱাৰীৰ ভিতৰত প্ৰতিগৰাকী প্ৰতিযোগীয়ে অসমীয়া ভাষাত লিখা এটিকৈ স্বৰচিত কবিতা সম্পূৰ্ণ নাম, ঠিকনা, বয়সসহ ডিটিপি বা মোবাইলত টাইপ কৰি sanjayrdas7@gmail.com ইমেইল ঠিকনাত প্ৰেৰণ কৰিব পাৰিব। অথবা ৬৯০১১৫৪৫৮৩ ৱাটছএপ নম্বৰতো কবিতা পঠাব পাৰিব। অসম ভিত্তিত অনলাইন কবিতা প্ৰতিযোগিতাখনিৰ ফলাফল অসমৰ বহুল প্ৰচাৰিত বাতৰি কাকতত প্ৰকাশ কৰা হ’ব। ১৫ ফেব্ৰুৱাৰীৰ ভিতৰত ফলাফল ঘোষণা কৰি প্ৰতিযোগিতাত প্ৰথম, দ্বিতীয়, তৃতীয় স্থান প্ৰাপ্ত মুঠ তিনিগৰাকী কবিক ভাৰতীয় ডাকযোগে মানপত্ৰ আৰু বহুমূলীয়া গ্ৰন্থৰ টোপোলা প্ৰেৰণ কৰা হ’ব। অধিক জানিবলৈ ৯৯৫৪৬৩২৩৪২ আৰু ৬৯০১১৫৪৫৮৩ নম্বৰত যোগাযোগ কৰিব পাৰিব।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: