অসম

অসম জাতীয়তাবাদী যুৱ পৰিষদ, লখিমপুৰ জিলা সমিতিৰ উদ্যোগত ৰাভা দিৱস উদযাপন

সংবাদদাতা, লক্ষ্মীমপুৰঃ সমগ্ৰ অসমত বিষ্ণুৰাভাক সোঁৱৰণ৷ ক’ভিড পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি অসম জাতীয়তাবাদী যুৱ পৰিষদ লখিমপুৰ জিলা সমিতিৰ উদ্যোগত উত্তৰ লখিমপুৰ আঞ্চলিক সমিতিৰ সহযোগিতা চতুৰ্থ বাৰ্ষিক ৰাভা দিৱস লখিমপুৰ উত্তৰ পূৰ্বাঞ্চল সাংস্কৃতিক সংঘত( আহুচাউল গাঁও) অনুষ্টুপীয়াকৈ আয়োজন কৰে৷ উত্তৰ লখিমপুৰ আঞ্চলিক সমিতিৰ সভাপতি মনোজ কলিতাই আতধৰা

সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে জিলা সমিতিৰ সাধাৰণ সম্পাদক মোবিন আহমেদ, নাট্যকাৰ তথা সাংবাদিক দয়াল কৃষ্ণ নাথ, সাংস্কৃতিক কৰ্মী দীপা দাস জাগৃতি সংগীত বিদ্যালয়ৰ পৰিচালিকা জুৰি শইকীয়া জিলা সমিতিৰ বিত্তীয় সম্পাদক মৃদুল শইকীয়া উপস্থিত থাকে৷ মুখ্য অতিথি হিচাপে উপস্থিত থাকি দয়াল কৃষ্ণ নাথ কয় যে লখিমপুৰত এটা বিজ্ঞান সন্মত প্ৰেক্ষাগৃহ অতি প্ৰয়োজন চৰকাৰক দাবী কৰে যে

লখিমপুৰত এটা কেৱল সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰিবৰ বাবে এটা প্ৰেক্ষাগৃহ অতি সোনকালে নিৰ্মাণ কৰাৰ দাবী জনায়৷ কাৰ্যসূচীত সমেবেত সংগীত পৰিৱেশন কৰে মণিকাঞ্চন সংগীত বিদ্যালয়ৰ ছাত্ৰীসকলে আৰু জাগৃতি সংগীত বিদ্যালয় ছাত্ৰী সকলে এটি ৰভা সংগীত পৰিৱেশন কৰে৷ শেষত পঞ্চাছ টকে অধিক বৃক্ষৰূপণ কৰি জিলা সমিতিৰ সাধাৰণ সম্পাদক মোবিন আহমেদৰ বক্তব্যৰে ৰভা দিৱসৰ কাৰ্য্যসূচীটি সমাৰনি কৰে৷

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: