অসম

অসম প্ৰাথমিক টে’টক লৈ বজাৰ অসাধু চক্ৰৰ : অনুত্তীৰ্ণ হ’লেও উত্তীৰ্ণ কৰোৱাৰ প্ৰলোভনেৰে কেইবাটাও নম্বৰৰ পৰা পৰীক্ষাৰ্থীলৈ মেছেজ

সংবাদদাতা, বৰহোলা:- যোৱা ৩১ অক্টোবৰত অনুষ্ঠিত হৈ যোৱা ৰাজ্যৰ উচ্চ আৰু নিম্ন প্ৰাথমিকৰ টে’ট পৰীক্ষা অনুষ্ঠিত হৈ যোৱাৰ পিছত শেহতীয়াকৈ একাংশ টে’ট পৰীক্ষাৰ্থীলৈ অহা কেইটামান ৱাটছ এপ মেচেজে পৰীক্ষাৰ্থী সকলক চিন্তিত কৰি তুলিছে। অসমৰ হাজাৰ হাজাৰ টে’ট পৰীক্ষাৰ্থীলৈ কেইটামান বিশেষ নম্বৰৰ পৰা অহা ৱাটছএপ মেচেজত টে’টত ফেইল কৰিলেও ধনৰ বিনিময়ত নম্বৰ বঢ়াই দিয়া হ’ব বুলি উৎকোচৰ বজাৰ বহুওৱা হৈছে।

যিকেইটা নম্বৰৰ পৰা নিৰ্ভয়ে, নিৰ্বিঘ্নে টে’ট পৰীক্ষাৰ্থীলৈ প্ৰলোভন ভৰা মেছেজ প্ৰদান কৰা হৈছে সেইকেইটা হ’ল- 7338350133, 9250513735, 9782712399, 8750691817, 9782712399, 9710041151, +6282178203007, +6281237495129, +6281266590128। সমগ্ৰ মেছেজৰ স্ক্ৰীনশ্বট এই প্ৰতিবেদকৰ লগত মজুত আছে। এই ৱাটছ এপ বাৰ্তাবোৰৰ আঁৰৰ ৰহস্য অসম চৰকাৰ আৰু আৰক্ষীয়ে ফাদিল কৰিবলৈ তৎপৰ হওক।

টে’টক লৈ কৰা অসাধু চক্ৰৰ এই বজাৰখনক অতিশীঘ্ৰে আৰক্ষীয়ে উৎখাত কৰক। টে’ট পৰীক্ষাৰ্থীৰ ফোন নম্বৰ কোনে কাক যোগান ধৰিছে তাক লৈয়ো ক্ষিপ্ৰ তদন্ত হোৱা উচিত। ইয়াৰ এক উচ্চ স্তৰৰ তদন্তই যোগ্য টেট পৰীক্ষাৰ্থীসকলক চৰকাৰী নিযুক্তিৰ প্ৰতি আস্থাশীল কৰি তুলিব।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: