অসম

অসম লেখিকা সমাজৰ যোৰহাট শাখা সমিতি গঠন

সংবাদদাতা, গোলাঘাট:- যোৰহাটত অসমৰ লেখিকাসকলৰ বৌদ্ধিক, মানসিক চৰ্চা তথা বিকাশৰ সমূহীয়া উত্তৰণৰ মঞ্চ অসম লেখিকা সমাজৰ যোৰহাট জিলা শাখা ১৬ ডিচেম্বৰ তাৰিখে গঠন কৰা হয়। অনলাইন গুগুল মীটৰ জৰিয়তে অনুষ্ঠিত হোৱা এই সভাত প্ৰতিভাশালী কবি কবিতা গগৈ বৰগোহাঁইক সভাপতি আৰু সুসাহিত্যিক নীলাঞ্জনা পাচনিক সম্পাদক হিচাপে লৈ ড° ধ্ৰুৱজ্যোতি গোস্বামী, সুকবি দেৱিকা ফুকন আৰু সুলেখক টিটন বৰুৱাক উপদেষ্টা, প্ৰতিশ্ৰুতিসম্পন্না কবি ববিতা গোস্বামীক উপসভাপতি, সুগায়িকা নবিতাৰাণী সন্দিকৈক কোষাধ্যক্ষ, সুলেখিকাদ্বয় কল্পনা বৰা আৰু চৈয়দা য়াচমিন ৰহমানক যুটীয়া সম্পাদক, সুকবি ৰীতা বৰাক পত্ৰিকা সম্পাদক, সুলেখিকা অঞ্জনা দেৱী আৰু মৃদুস্মিতা লাহনক সহ সম্পাদক, সুলেখিকা কৃষ্ণাময়ূৰী হাজৰিকাক প্ৰচাৰ সম্পাদক আৰু সুলেখক তাহচিন নীলুফাৰ খলিল, মন্দিৰা ৰাজখোৱা, জিলমিল বৰা, নন্দিতা ফুকন বুঢ়াগোহাঁই, যুতিকা বৰদলৈ হাজৰিকা, মুনমী বৰা, পল্লবী ভৰালী আৰু সোমা চাহাক সদস্য হিচাপে লৈ যোৰহাট জিলা লেখিকা সমাজ গঠন কৰা হয়। সভাখনত অসম লেখিকা সমাজৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পদুমী গগৈ, সম্পাদক ড° লক্ষ্মীমি গগৈ আৰু সাংগাঁথনিক সম্পাদক অনিতা গগৈ উপস্থিত থাকি সদ্যগঠিত যোৰহাট জিলা লেখিকা সমাজলৈ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনায়।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: