অসম

অসম সত্ৰীয়া সংগীত মহাবিদ্যালয়ৰ প্ৰশাসনিক ভৱন উদ্বোধন

সংবাদদাতা, পূৱ যোৰহাট:- অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অধীনৰ তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বি মিউজ(সত্ৰীয়া ) পাঠ্যক্ৰম সম্বলিত মহাবিদ্যালয় অসম সত্ৰীয়া সংগীত মহাবিদ্যালয়ৰ নৱনিৰ্মিত প্ৰশাসনিক ভৱনৰ উদ্বোধনী অনুষ্ঠান আজি সম্পন্ন হৈ যায়। অসম চৰকাৰৰ অনিদ্ধাৰিত পূজিৰ দহলাখ আৰু ভাৰতীয় তেল নিগমৰ পৰা পাঁচ লাখ টকাৰ অনুদানেৰে নিৰ্মিত প্ৰশাসনিক ভৱনটি অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাই ফিতা কাটি ভৱনটি শুভ উদ্বোধন কৰে। উদ্বোধনী অনুষ্ঠানৰ লগত সংগতি ৰাখি অধ্যাপক নিৰ্মল গোস্বামী সোঁৱৰণী প্ৰেক্ষাগৃহত অনুষ্ঠিত এক গাম্ভীযপূৰ্ণ সভাত ভাগ লৈ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী গৰাকী‌য়ে মনৰ অনুভৱ ব্যক্ত কৰি কয় যে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰ গুৰুজনাৰ অপূৰ্ব সৃষ্টি গীত, নৃত্য, বাদ্য তথা সত্ৰ, নামঘৰ কেৱল আমাৰ আধ্যাত্মিক সমাজখনৰে নহয় বৰঞ্চ আমাৰ সামাজিক সমাজখনকো দশক দশক ধৰি মাৰ্গ দৰ্শন কৰাই আহিছে।

মহাবিদ্যালয়খনিৰ কণ্ঠসংগীত বিভাগৰ অধ্যাপিকা জিকুমণি গোস্বামী কটকী আৰু অসমীয়া বিভাগৰ অধ্যাপক দেৱানন্দ বৰাই আতধৰা অনুষ্ঠানটিত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী গৰাকী‌য়ে পুনৰ কয় যে দূজনা গুৰুৰ অপূৰ্ব সৃষ্টি ৰাজিৰ যোগেদি আমি আমাৰ সমাজ আৰু জীৱন আগুৱাই নিবলৈ সক্ষম হৈছোঁ। মহাবিদ্যালয়ৰ বাদ্য বিভাগৰ ছাত্ৰসকলে প্ৰদৰ্শন কৰা গায়ন-বায়নেৰে শুভাৰম্ভ হোৱা সভাখনত মহাবিদ্যালয়ৰ অধ্যক্ষ শাৰংগপানি বৰদলৈয়ে উপস্থিত সকলক উদ্দেশ্যি আদৰণী ভাষণ আগবঢ়ায়। অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সঞ্চালক কিশোৰ ঠাকুৰীয়াই বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা সভাখনত মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ভৱ গোস্বামী, বিশিষ্ট শিক্ষাবিদ ডক্টৰ পৰাণ বৰুৱা, তিতাবৰ কমলাবাৰী সত্ৰৰ বুঢ়াভকত সোণাৰাম শৰ্মা, ডক্টৰ বীণাপানী দেৱী কটকী, অদিতি বেজবৰুৱা, জয়ন্ত নাথ আদি কৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। মহাবিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী, কৰ্মচাৰী, সমূহ ছাত্ৰ-ছাত্ৰী উপস্থিত থকা আজিৰ অনুষ্ঠানটিত মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ দ্বাৰা পৰিবেশিত গায়ন-বায়ন, ঘোষা আৰু সত্ৰীয়া নৃত্যই পৰিৱেশটো জীপাল কৰি তোলে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: