অসম

অৰুণাচল প্ৰদেশৰ ১২ জনগোষ্ঠীৰ জনজাতিকৰণত কোচ- ৰাজবংশী সংগ্ৰাম সমিতিৰ প্ৰতিক্ৰিয়া

সংবাদদাতা, লখিমপুৰ: অসমৰ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ ১২ টা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিধেয়ক লোকসভাত উত্থাপন কৰি অসমৰ কোচ-ৰাজবংশীকে ধৰি ছয় জনগোষ্ঠীৰ জনজাতিকৰণ নকৰি প্ৰতাৰণা কৰা কাৰ্যত তীব্ৰ প্ৰতিক্ৰীয়া প্ৰকাশ কৰিছে কোচ-ৰাজবংশী সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি ৰূপজ্যোতি দত্তই। সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিজ্ঞপ্তিৰ জৰিয়তে কোচ-ৰাজবংশী সংগ্ৰাম সমিতিৰ উপ-সভাপতি

দত্তই উল্লেখ কৰে যে- ‘অনুসূচিত জনজাতিৰ নামকৰণ সংশোধনী বিধেয়ক গৃহীত কৰি চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ ১২ টা জনগোষ্ঠী ক্ৰমে মনপা, ছাজলাং (মিজি), ছাৰটাং, মেম্বা, নক্তা , টাংছা, টুটছা, ৱাংছ, টাই-খামতি, মিছিমি- কামান (মিজু), ইদু (মিছিমি) আৰু টাৰাওন (ডিগাৰু) অনুসূচীত জনজাতিৰ মৰ্যদা লাভ কৰে। কিন্তু ইয়াৰ বিপৰীতে অসমৰ ভূমিপুত্ৰ কোচ-ৰাজবংশীকে আদি কৰি তাই-আহোম, চুতীয়া,

মটক, মৰাণ আৰু আদিবাসী ছাহজনগোষ্ঠী এই ছয়-জনগোষ্ঠীয়ে অনুসুচিত জাতিৰ মৰ্যদা লাভ নকৰাটো ৰহস্যজনক। অসমৰ প্ৰতিটো লোকসভা আৰু বিধানসভাৰ দৰেই ২০২১ বৰ্ষৰ বিধানসভাৰ নিৰ্বাচনৰ প্ৰাৰ্কমুহূৰ্তত কোচ- ৰাজবংশী সকলক জনজাতিৰ মৰ্যদা দিয়াৰ প্ৰতিশ্ৰুতি দি শাসনৰ বাৰ্ঘজৰী দখল কৰি সহজ-সৰল জনগোষ্ঠীটোক পুনৰবাৰ প্ৰতাৰণাৰে চৰম বিশ্বাসঘাটকতা কৰা কাৰ্য অমানবীয়।

শাসনা ধিস্থিত দলটোৱে অসমৰ ভূমিপুত্ৰ কোচ-ৰাজবংশী জনগোষ্ঠীক কেৱল মাত্ৰ ভোট বেংঙ্ক সুৰক্ষিত কৰি ৰখাৰ স্বাৰ্থতেই বাৰে বাৰে জনজাতিকৰণৰ ইছ্যুটো লৈ আঁভূৱা-ভাৰি অহা কাৰ্য দুভাগ্যজনক বুলি অভিহীত কৰি অনতি বিলম্বে প্ৰতিশ্ৰুতি ৰক্ষা কৰি কোচ-ৰাজবংশী জনগোষ্ঠীৰ ন্যাৰ্য-প্ৰাপ্য জনজাতিৰ মৰ্যদা প্ৰদান কৰিবলৈ কোচ-ৰাজবংশী সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি, সমাজ সংগঠক ৰূপজ্যোতি দত্তই কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ ওচৰত আহ্বাণ জনাইছে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: