অসম

অৱশেষত টংলা বৰাখাট গাঁ‌ৱৰ ৩ অসহায় কিশোৰীৰ ওচৰত অধ্যক্ষ বিশ্বজিৎ দৈমাৰী

সংবাদদাতা, টংলা:- ওদালগুৰি জিলাত অন্তৰ্গত টংলা বৰাখত গাঁৱত চাঁ‌ৰি বছৰ পূৰ্ৱে মাতৃহাৰা ২বছৰ পূৰ্ৱে পিতৃহাৰা হোৱা জিলাখনৰ ৩১ নং খৈৰাবাৰী পৰিষদীয় সমষ্টিৰ বৰাখাট গাঁ‌ৱৰ বাসিন্দা মীৰা গুৰ, নিৰ্মালী গুৰ, হৰিপ্ৰীয়া গুৰ, নামৰ তিনি ঘাটমাউৰা কিশোৰীৰ কৰুণ কাহিনী প্ৰচাৰ মাধ্যমত প্ৰকাশ পোৱাৰ পাছত ওদালগুৰি জিলাৰ ৬৪ নং পানেৰি বিধানসভা সমষ্টি তথা ৩১ নং খৈৰাবাৰী পৰিষদীয় সমষ্টিৰ অন্তৰ্গত বগপুৰি ভিচিডিচিৰ বৰাখাট গাঁ‌ৱৰ ৩ ঘাটমাউৰা কিশোৰীৰ ওচৰত জনপ্ৰতিনিধি খৈৰাবাৰী পৰিষদীয় সমষ্টিৰ এম চি এল এ ভৱেন চন্দ্ৰ বড়োসহ বিজেপিৰ কৰ্মকৰ্তাৰ লগতে ৬৪ নং পানেৰি বিধানসভা সমষ্টিৰ বিধায়ক তথা অসম বিধানসভা সদনৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে নিজে আহি কিশোৰী কেইজনীৰ সমস্যাৰ বুজ লোৱাৰ লগতে কিশোৰী কেইজনীৰ উন্নত শিক্ষা ব্যৱস্থা বহন কৰাৰ উপৰিও আৰ্থিক সহায় কৰি উজ্জ্বল ভৱিষ্যৎ গঢ়ি তুলাৰ দায়িত্ব বহন কৰে। যাক লৈ সচেতন মহলত এমচিএলএ ভৱেন চন্দ্ৰ বড়োসহ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ এনে মহানুভৱতাক ব্যাপক সন্তুষ্টি প্ৰকাশ কৰে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: