অসম

অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক বোপাৰাম দাসৰ মৃত্যু

সংবাদদাতা পূৱ যোৰহাট:- হাতীগড় মৌজাৰ বালিচাপৰিৰ গড়গুৰিৰ নিবাসী অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক বোপাৰাম দাসৰ আজি পুৱা উচ্চ ৰক্তচাপ আৰু বহুমূত্ৰ ৰোগত আক্ৰান্ত হৈ নিজা বাসভৱনত ৬৬ বছৰত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী পত্নী আৰু একমাত্ৰ বিবাহিতা কন্যা, জোঁৱাই সহ বহুতো আত্মীয়স্বজন ইহসংসাৰত এৰি থৈ যায়। সমাজ কৰ্মী কৃতি শিক্ষক বোপাৰাম দাসৰ মৃত্যু বাতৰি বিয়পি পৰাত হাতীগড়, চাওখাত মৌজাৰ লগতে বৃহত্তৰ মেলেং অঞ্চলৰ গুণমুগ্ধসকলে আহি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: