অৱসৰী কৃতি শিক্ষক খঙিধৰ বৰুৱাৰ বিয়োগ

সংবাদদাতা, টংলা:- ওদালগুৰি জিলাৰ টংলা থানাৰ অন্তৰ্গত জলাহ খুটিচুবাৰ নিবাসী অৱসৰী কৃতি শিক্ষক খঙিধৰ বৰুৱাৰ বাৰ্দ্ধক্য জনিত কাৰণত ৮৫ বছৰ বয়সত নিজ বাসগৃহত বিয়োগ ঘটে। উল্লেখযোগ্য যে সামাজিক কামৰ লগত সক্ৰিয় ভাবে জড়িত হৈ দুখীয়া শ্ৰেণীৰ লোকক সহায় কৰি ভাল পোৱা খঙিধৰ বৰুৱাই ১৯৩৯ চনত ডাহী মৌজাৰ অন্তৰ্গত পটালশিঙপাৰা গাঁৱত জন্ম গ্ৰহণ কৰে।পাছলৈ বৰুৱাই এম ই পাছ কৰি ১৯৫৪ চনত শিক্ষক বাচনি পৰীক্ষা পাছ কৰি মাহে ৩০ টকা বেতনৰে শিক্ষকতা জীৱন আৰম্ভ কৰে। বৰুৱাই ক্ৰমান্বয়ে শস্ত্ৰপাৰা প্ৰাথমিক বিদ্যালয়, উলুবাৰী প্ৰাথমিক বিদ্যালয় আৰু ১৯৫৫ চনত বালিসীতা প্ৰাথমিক বিদ্যালয়, ১৯৬৯ চনত বঁটাকুচি প্ৰাথমিক বিদ্যালয়, মেৰেবাংচুবা প্ৰাথমিক বিদ্যালয়, আমজুলি প্ৰাথমিক বিদ্যালয় লগতে পুৰন্দিয়া প্ৰাথমিক বিদ্যালয়ৰ পৰা ১৯৯৭ চনতে অৱসৰ গ্ৰহণ কৰে। তেখেতৰ মৃত্যুত এৰাবাৰী দৈমালু সংঘ, ব্ৰহ্মহিত সাধিনি সাহিত্য কানান, বটাবাৰী প্ৰাথমিক বিদ্যালয়, জলাহ, খুটিচুবা, আমতলৰ ৰাইজ লগতে অনুষ্ঠান প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰে। মৃত্যুৰ সময়ত বৰুৱাই দুই পুত্ৰ, বোৱাৰী, নাতি নাতিনী এই সংসাৰত এৰি থৈ যায়।