uncatagorised

আঁচনিৰ নামত ৰাজ্যৰ গ্ৰাম্যাঞ্চলত কেলেংকাৰীৰ উজান

মুখ্যমন্ত্ৰীলৈ মুকলি চিঠি

আন্তৰিক শ্ৰদ্ধা গ্ৰহণ কৰিব! আমি অতিকৈ আনন্দিত যে আপোনাৰ দৰে এজন দক্ষ মুখ্যমন্ত্ৰী পাইছোঁ। কিন্তু অতি দুখেৰে আপোনাক জনাওঁ যে আপোনালোকৰ এচাম কৰ্মীয়ে দলটোৰ বাবে অতি ঘৃণনীয় কাম কাজ কৰি থকা দেখিবলৈ পোৱা গৈছে। সেই সকলক ৰোধ কৰিব পৰা বিশেষ উপায় আছেনে? বিগত সময়ত দেখিবলৈ পোৱা গৈছে যে বিভিন্ন আঁচনি, তিনপাত বিলোৱা, PMFBY আঁচনিৰ নামত যেন নৈতিক দায়িত্ব সেই সকলে পাহৰি গৈছে তেনেকুৱা লাগে। পাবলগীয়া বহুজনেই যেন বঞ্চিত হৈছে আঁচনিৰপৰা। এই সকলৰ বিহীত ব্যৱস্থা ল’ব পৰা বিশেষ উপায় আছেনে? সততে শুনিবলৈ পোৱা যায় বিজেপি কৰা সকলেহে পাব,বিজেপি বিশেষ গোটত থকা সকলৰ কাৰণেহে। এইবোৰ আমাৰ দৰে সচেতন যুৱকৰ অলপো সহ্য নহয়। আপোনাৰো নহয়। আপুনি দুৰ্নীতি বেয়া পায় সেয়া আমি জানো। কিন্তু স্বাৰ্থলোভী, মানৱীয়তা নথকা এই সকলে দলটোলৈ যে অনাগত সময়ত ভাবুকি কঢ়িয়াই আনিব সেয়া নিশ্চিত হৈছে। ৰাস্তা কাম কৰিছে আধৰুৱা, আধুনিক ৰংগ মঞ্চৰ কাম কৰিছে আধৰুৱা। লাখ লাখ টকাৰ কাম আহে কিন্তু কিমান লাখৰ কাম কৰে প্ৰত্যক্ষ কৰা জনে স্পষ্টকৈ দেখিবলৈ পাই। আশা কৰোঁ আপুনি এই সকল ঠিকাদাৰৰ বাবে উচিত পদক্ষেপ গ্ৰহণ কৰিব। আৰু এটা কথা অসমৰ প্ৰতিজন জনতা এতিয়া বিজেপি চৰকাৰৰ অধীনৰ। এইজন বিজেপি,এইজন কংগ্রেছী আদি ধৰণৰ চিন্তা পৰিৱৰ্তন ঘটাবলৈ তেওঁলোকলৈ আদেশ প্ৰদান কৰিব। নটো সকলোৰে দৃষ্টিত এলাগী হৈ পৰিব। আশা কৰোঁ আপোনাৰ দলীয় কৰ্মীয়ে স্বচ্ছভাবে কাম কৰি দলৰ লগতে সমাজ একোখনক আগুৱাই নিব।

  • পৰেশ দাস
  • ঢকুৱাখনা,
  • ফোন:- ৭৬৩৮০০১৮২৮
Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: