অসম

আছুৰ উদ্যোগত হীৰু দাৰ প্ৰতিমূৰ্তি স্থাপনৰ আধাৰশিলা অনুষ্ঠান

সংবাদদাতা, বাহনা:- সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আজি ঐতিহাসিক তৰাজান বৰপুখুৰীৰ পাৰত সুগন্ধি পখিলাৰ কবি হীৰেণ ভট্টাচাৰ্যদেৱৰ এটি প্ৰতিমূৰ্তি স্থাপনৰ আধাৰশিলা অনুষ্ঠান অনুষ্ঠিত হয়। যোৰহাটৰ বিশিষ্ট ব্যৱসায়ী কমল জালানদেৱৰ মহনুভৱতাত স্থাপিত হ’বলগীয়া প্ৰতিমূৰ্তিটো আধাৰশিলা কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক জুল খাউণ্ডে । কাৰ্যসূচীটোৰ আৰম্ভণিতে আজি ২৮ জুলাই হীৰু দাৰ জন্মদিন উপলক্ষে পোনপ্ৰথমে তেখেতৰ প্ৰতিচ্ছবিত মাল্যৰ্পনেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে হীৰেণ ভট্টাচাৰ্য স্মৃতিৰক্ষা সমিতিৰ কেন্দ্ৰীয় সমিতিৰ সমন্বয়ক তপন চাংকাকতিয়ে। তৰাজান সন্মিলন আৰু হীৰেণ ভট্টাচাৰ্য স্মৃতিৰক্ষা সমিতিৰ যৌথ উদ্যোগত অনুষ্ঠিত হোৱা অনুষ্ঠানটোত জিলা ছাত্ৰ সন্থাৰ সভাপতি বিজয় শংকৰ বৰদলৈয়ে কয় ,

অসমীয়া সাহিত্য-সংস্কৃতিৰ ভঁৰাল চহকী কৰি থৈ যোৱা স্বনামধন্য ব্যক্তিসকলক শ্ৰদ্ধাৰে স্মৰণ কৰা আৰু তেওঁলোকৰ সৃষ্টিৰাজীক প্ৰচাৰ আৰু প্ৰসাৰৰ দ্বাৰা নৱপ্ৰজন্মৰ মাজলৈ আগুৱাই  নিয়াটো হৈছে ছাত্ৰ সন্থাৰ দায়িত্ব। সেই অনুসৰি আজি এটি ৰ’ডৰ কাষতে এই স্থানত মহান কবিগৰাকীৰ প্ৰতিমূৰ্তি স্থাপনৰ সিদ্ধান্ত জিলা ছাত্ৰ সন্থাই গ্ৰহণ কৰে। যোৰহাট হৈছে হীৰু দাৰ জন্মস্থান আৰু উত্তৰ প্ৰজন্মৰ মাজত হীৰুদাক আমি সদায় জীয়াই ৰাখিব লাগিব। এইয়াই আজিৰ কাৰ্যসূচীৰ প্ৰধান লক্ষ্য। আধাৰশিলা অনুষ্ঠানটোত হীৰেণ ভট্টাচাৰ্য স্মৃতিৰক্ষা সমিতিৰ হৈ দিগন্ত দত্ত, জয়ন্ত নাথ, জাবালিক খাউণ্ড, দীপক নাথ, তৰাজান সন্মিলনৰ সভাপতি দেৱজিৎ বৰদলৈ, সাংস্কৃতিক শাখাৰ সভাপতি দিগন্ত বৰুৱা , দেৱজ্যোতি শ্ৰুতিকৰ, নাগৰিক উন্নয়ন আৰু সুৰক্ষা মঞ্চৰ,

তৰাজানৰ সভাপতি শুভ্ৰজিত বৰুৱাকে প্ৰমুখ্য কৰি ভালেসংখ্যক গণ্য-মান্য ব্যক্তি উপস্থিত থাকে। সম্পূৰ্ণ ক’ভিড বিধি মানি চলি অনুষ্ঠিত হোৱা আধাৰশিলা অনুষ্ঠানটোত উপস্থিত থাকি সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা ৰাজীৱ বৰা আৰু যোৰহাট মহকুমা ছাত্ৰ সন্থাৰ সভাপতি বিতোপন বৰাই কয়, জন্মস্থানত তেখেতৰ প্ৰতিমূৰ্তি স্থাপনৰ কাম আৰম্ভ কৰিবলৈ পাই ছাত্ৰ সন্থাই গৌৰৱবোধ কৰাৰ লগতে  বিশিষ্ট ব্যৱসায়ী কমল জালানৰ মহানুভৱতাক শ্ৰদ্ধা জনাইছে,লগতে যোৰহাট পৌৰসভাই অনুষ্ঠানটো আয়োজন কৰাৰ ক্ষেত্ৰত আগবঢ়োৱা সহযোগিতাৰ বাবে ছাত্ৰ সন্থাই ধন্যবাদ জনাইছে। গুৱাহাটীৰ ভাস্কৰ্য শিল্পী বিজু দাসে নিৰ্মাণ কৰিবলগীয়া এই প্ৰতিমূৰ্তিভাগ অহা ৫০ দিনৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব বুলি ছাত্ৰনেতাদ্বয়ে ব্যক্ত কৰে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: