অসম

আজিৰ কবিতা পাণ্ডুলিপি প্ৰতিযোগিতাৰ ফলাফল ঘোষণা

সংবাদদাতা, টংলা:- কেইজনমান দূৰদৰ্শী, সচেতন, সাহিত্য তথা কাব্যনুৰাগী কলেজীয়া ছাত্ৰই নিজৰ মনৰ মাজত উকমুকাই থকা ভাৱ প্ৰকাশ কৰিবলৈ একত্ৰিশ বছৰ আগতে অৰ্থাৎ ১৯৯০ চনতে জন্ম দিছিল কবিতা আৰু কবিতা বিষয়ক পত্ৰিকা “আজিৰ কবিতা।” সম্পাদক বিনয় চলিহাৰ ঐকান্তিক প্ৰচেষ্টা আৰু নানা ঘাত-প্ৰতিঘাতৰ মাজেৰে ‘আজিৰ কবিতা’ ই বত্ৰিশ বছৰীয়া দুৱাৰ দলিত উপনিত হৈছে। সোণোৱালী সংকল্প আৰু ৰূপালী যাত্ৰাৰ এক অভগন সাক্ষী চিৰন্তন দলিল স্বৰূপ “আজিৰ কবিতা” সগৌৰৱেৰে বিগত বছৰত ছপা আকাৰে প্ৰকাশ হৈ আহিছে। বত্ৰিশ সংখ্যক বৰ্ষপূৰ্ত্তি উপলক্ষে “মেজাংকৰি প্ৰকাশন”ৰ উদ্যোগত আয়োজন কৰা হৈছিল “আজিৰ কবিতা পাণ্ডুলিপি প্ৰতিযোগিতা।” এই পাণ্ডুলিপি প্ৰতিযোগিতাত অসমৰ প্ৰতিখন জিলাৰ পৰা কাব্যনুৰাগীয়ে প্ৰায় শতাধিক কবিতাৰ পাণ্ডুলিপি পঠাইছিল।

যথেষ্ট উন্নত মান বিশিষ্ট এই পাণ্ডুলিপিৰ পৰা দহজনক শ্ৰেষ্ঠ হিচাপে বিবেচনা কৰি ১ ডিচেম্বৰত ফলাফল সমূহ ঘোষণা কৰ হয়। আজিৰ কবিতাৰ কাৰ্যকৰী সম্পাদক বিশিষ্ট কবি, কৃৰ্তী শিক্ষক অজয় বৰুৱাই বিভিন্ন স্থানত থকা কবি সকলৰ নাম আৰু গ্ৰন্থৰ নাম সমূহ জানিব দিয়ে। দৰঙৰ দেওমৰনৈ স্নাতক মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ সহকাৰী অধ্যাপিকা হিৰন্ময়ী মেধি এই কবিতা পাণ্ডুলিপি প্ৰতিযোগিতাৰ দ্বিতীয় শ্ৰেষ্ট হিচাপে নিবাৰ্চিত হৈছে তেওঁৰ দ্বিতীয় কাব্য গ্ৰন্থ “ভালপোৱাৰ জুনুকা” ৰ বাবে। অবিভক্ত দৰং জিলাৰ দলংঘাট দলৈপাৰাত জন্ম গ্ৰহণ কৰা বৰ্তমান কলাইগাঁৱৰ চিন্তাগাঁৱৰ নিবাসী হিৰন্ময়ী মেধি এগৰাকী বিশিষ্ট কবিৰ লগতে গল্পকাৰ তথা উপন্যাসিক।

তেখেতে ইতিমধ্যে “সোণোৱালী ৰ’দৰ দৰে” নামৰ এখনি কাব্য গ্ৰন্থ প্ৰকাশ কৰি বিপুল ভাৱে সমাদৃত হৈছে। প্ৰান্তিককে ধৰি সকলোবোৰ বাতৰি কাকত, আলোচনীৰ নিয়মীয়া লেখক হিৰন্ময়ী মেধি বৰ্তমান মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ত দৰং জিলাৰ বিশেষ ভাৱে সক্ষম ব্যক্তি সকলৰ শিক্ষাৰ ওপৰত পি এইছ ডি বাবে অধ্যয়ন কৰি আছে। উল্লেখ্য যেএই স্থান প্ৰাপ্ত কবিসকলক ২০২২ চনৰ জানুৱাৰী মাহৰ দ্বিতীয় সপ্তাহত নগাঁও জিলাৰ বটদ্ৰৱাত অনুষ্ঠিত বঁটা প্ৰদান, গ্ৰন্থ উন্মোচন, বিশেষ সম্বৰ্ধনা আৰু কবিতা সমাৰোহ অনুষ্ঠান বঁটা সমূহ প্ৰদান কৰা হ’ব।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: