অসম

আজি সামৰণি পৰে “সোৱণশিৰি কাপ” প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা

বিজয়ী খিতাপ অৰ্জন গা ডাঙৰচুক দল

সংবাদদাতা, ঢকুৱাখনা:- ঢকুৱাখনাৰ সোৱণশিৰি অঞ্চলৰ উচ্চ শিক্ষানুষ্ঠান ৰেঙাম সোৱণশিৰি মহাবিদ্যালয় আৰু পাতৃচুক উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত আজি সামৰণি পৰে “সোৱণশিৰি কাপ” প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাখনি। মিচিং স্বায়ত্ত্ব শাসিত পৰিষদৰ পৃষ্ঠপোষকতাত, সদৌ সোৱণশিৰি ক্ৰীড়া সন্থাৰ উদ্যোগত মিচিং জাতীয় শ্বহীদ বগা মেদক, নৰেশ টাইদ আৰু অঞ্জনা পেগুৰ সোঁৱৰণিত বিগত বৰ্ষসমূহৰ দৰে এইবাৰ চতুৰ্থদশ বাৰ্ষিক ফুটবল প্ৰতিযোগিতা খনি ১ লাখ টকাৰ প্ৰাইজমাণিৰে ১ ডিচেম্বৰ পৰা আৰম্ভ হৈছিল। চুড়ান্ত খেল খনত গা ডাঙৰ চুক এফ চি দলটোৱে মাজুলীৰ কাৰচাং এফ চি দলটোক ১-০ গলত পৰাজিত কৰি বিজয়ীৰ খিতাপ দখল কৰিবলৈ সক্ষম হয়। দুয়োটা দলকে শেষত ট্ৰফ্ৰি, মেডেল আৰু নগদ ধন প্ৰদান কৰা হয়।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: