অসম

আজুৰ যোৰহাট জিলা সমিতিৰ প্ৰথম বাৰ্ষিকীত প্ৰবীণ সাংবাদিক, কাকত-আলোচনী বিতৰকক সম্বৰ্ধনা, শীতৰ এসন্ধ্যা পালন

সংবাদদাতা, পশ্চিম যোৰহাট:- অসম সাংবাদিক সন্থা (আজু) যোৰহাট জিলা সমিতিৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি ২৯ ডিচেম্বৰত যোৰহাটৰ জয়া ভৱন প্ৰাঙ্গনত পুৰণি-নতুন সাংবাদিক, পঢ়ুৱৈ আৰু বিতৰকৰ অন্তৰংগ আলাপ অনুষ্ঠিত হয়। শীতৰ এসন্ধ্যা শীৰ্ষক এই অনুষ্ঠানত ৩০ বছৰৰো অধিক দিন বাতৰি কাকত, আলোচনী যোৰহাট আৰু উপকণ্ঠ অঞ্চলৰ বিতৰক ক্ৰমে তোষেশ্বৰ বৰা, নীলোৎপল বৰুৱা, জয়ন্ত বৰদলৈ, অমৃত ৰাজখোৱা, লক্ষ্মীধৰ বৰা, প্ৰসিদ্ধ হাজৰিকা, সীমান্ত বৰুৱা, ৰমেশ শইকীয়া, ৰাজু দত্ত, বাবুলাল ভাৰতী, বিনন্দ দুৱৰা, অভিজিৎ শৰ্মা, ৰনজিৎ শইকীয়াক একোখনকৈ ফুলাম গামোচা, সম্বৰ্ধনা পত্ৰৰ লগতে আজুৰ প্ৰতীক সম্বলিত একোটাকৈ ট্ৰফী আজুৰ যোৰহাট জিলা সমিতিয়ে প্ৰদান কৰে। উক্ত অনুষ্ঠানতে দীৰ্ঘদিন সাংবাদিকতা কৰা যোৰহাটৰ তাজউদ্দিন আহমেদ, নিৰঞ্জন মহন্ত, ললিত বৰা, বিশ্বজিৎ বৰুৱাক সম্বৰ্ধনা জনোৱাৰ লগতে সীমান্ত বৰা, কৃষ্ণ গোপাল শইকীয়া, জয়দীপ বৰুৱা প্ৰমুখ্যে ভালেকেইগৰাকী সাংবাদিকক ৰাইজৰ সৈতে পৰিচয় কৰাই দিয়ে। তদুপৰি বাতৰিকাকত, আলোচনী বিক্ৰেতা, আছু, যুৱ ছাত্ৰ পৰিষদৰ যোৰহাটৰ বিষয়ববীয়া, সমাজকৰ্মী আদিকো আজু যোৰহাট জিলা সমিতিৰ তৰফৰ পৰা আদৰণি জনায়। সমিতিৰ সভাপতি যোগেশ ওজাই অনুষ্ঠানটোৰ জৰিয়তে বিগত বৰ্ষটোত কৰা কাম-কাজৰ উল্লেখ কৰাৰ লগতে যোৰহাটৰ সকলো কৰ্মৰত সাংবাদিকৰ কল্যাণৰ বাবে ১০ লাখ টকাৰ সাংবাদিক কল্যাণ নিধি গঠনৰ পৰিকল্পনাৰে কৰ্মত অগ্ৰসৰ হোৱা বুলি কয়। নিধিৰ সম্পাদক নৱজ্যোতি বৰুৱাই আঁত ধৰা অনুষ্ঠানত অংশগ্ৰহণ কৰি সমাজকৰ্মী মহেন্দ্ৰ দত্তই আজু যোৰহাট জিলা সমিতিৰ স্থায়ী কাৰ্যালয়ৰ বাবে ব্যৱস্থা কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে এই ক্ষেত্ৰত কিছু আগবঢ়া বুলিও ভাষণত উল্লেখ কৰে। ডাঃ গোলাপ ডেকাই বিহুগীত, প্ৰসেনজিৎ লাহন আৰু সংগীসকলে গীত পৰিবেশন কৰি মনোৰঞ্জন দিয়া অনুষ্ঠানত তাজউদ্দিন আহমেদ, ললিত বৰা, নিৰঞ্জন মহন্ত, বিশ্বজিৎ বৰুৱা প্ৰমুখ্যে প্ৰবীণ সাংবাদিকসকলে অতীত স্মৃতি ৰোমন্থন কৰাৰ লগতে স্মৰণীয় কথা ব্যক্ত কৰে। যোৰহাটৰ লগতে তিতাবৰ, মৰিয়নি, টীয়ক, পশ্চিম যোৰহাট, বাহনা, কৰঙা, চুঙী আদিৰ সাংবাদিকসকলৰ লগতে যোৰহাটৰ ভালেসংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকি শীতৰ এসন্ধ্যা সফলতাত সহযোগিতা আগবঢ়ায়। উল্লেখ্য, একুৰা জুইৰ চৌপাশে বহি আনুষ্ঠানিকতা অবিহনে অনুষ্ঠিত কৰা শীতৰ এসন্ধ্যাত অংশগ্ৰহণ কৰিবলৈ পাই বহুগৰাকীয়ে আজু যোৰহাট জিলা সমিতিৰ কৰ্মীসকলৰ কাৰ্যৰ শলাগ লয়।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: