অসম

আঠিয়াবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱাগত আদৰণি সভা সম্পন্ন

সংবাদদাতা, তামুলপুৰ:- বাক্সা জিলাৰ আঠিয়াবাৰীত সোমবাৰে আঠিয়াবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে নবাগত আদৰণি সভাখন অনুষ্ঠিত হৈ যায়। অপুৰ্ব মজুমদাৰ আৰু ভবেন বড়োৰ পৰিচালনাৰে ন-পুৰণি ছাত্ৰ-ছাত্ৰী সকলৰ সতীৰ্থ সন্মিলন খনৰ আৰম্ভণি কৰে। বিদ্যালয়ৰখনৰ অধ্যক্ষ ৰনিচ চন্দ্ৰ ৰামছিয়াৰীয়ে নবাগত ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি শুভেচ্ছামূলক ভাষণ প্ৰদান কৰে। ইয়াৰ পিছতেই আমন্ত্ৰিত অতিথিক সম্বৰ্ধনা জ্ঞাপন কৰে। আনহাতে ছাত্ৰ-ছাত্ৰী সকলে নৃত্য গীত, স্ব-ৰচিত কবিতা পাঠেৰে অনুষ্ঠানতো ৰসাল আৰু সজীৱ কৰি তোলে। উক্ত কাৰ্যসূচীত উপস্থিত থাকে ক্ৰমে এবছুৰ কেন্দ্ৰীয় উপ-সভাপতি খৰমদাও ওৱাৰি, বাক্সা জিলাৰ এবছুৰ শিক্ষা সম্পাদক নিতুল ব্ৰহ্ম আৰু বাক্সা জিলা আছুৰ উপ-সভাপতি কৃষ্ণ মেধিকে আদি কৰি কেবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: