আদৰ্শ বিদ্যালয়, পূব মঙলদৈত প্ৰাক ৰঙালী বিহু উদযাপন

সংবাদদাতা, ধূলা:- মঙলবাৰে দিনজোৰা কাৰ্যসূচীৰে দৰং জিলাৰ আদৰ্শ বিদ্যালয় পূব মঙলদৈত প্ৰাক ৰঙালী বিহু উদযাপন কৰে। আদৰ্শ বিদ্যালয়খন দৰং জিলা পূব মঙলদৈৰ ইংৰাজী মাধ্যমৰ আগশাৰী শিক্ষানুষ্ঠান। প্ৰথম শ্ৰেণীৰ পৰা সপ্তম শ্ৰেণীলৈ পাঠদানৰ সুযোগ থকা বিদ্যালয়খনত ৫০০ ৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰি আছে বুলি জানিব পৰা যায়। বিগত বৰ্ষৰ দৰে এইবেলিও বিদ্যালয়খনত আনুষ্ঠানিকভাবে উদযাপন কৰিছে ৰঙালী বিহুৰ আদৰণি। অনুষ্ঠানটোত কণকণ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত বিভিন্ন ধৰণৰ গীত-মাত, নৃত্য, বক্তৃতা আদি প্ৰতিযোগিতাৰ আয়োজন কৰে। ছাত্ৰ-ছাত্ৰী সকলে বিহুৰ সাজ-পোছাক পৰিধান কৰি নিজৰ নিজৰ প্ৰতিভা সমূহ প্ৰদৰ্শন কৰা দেখিবলৈ পোৱা যায়। প্ৰতিযোগিতাত স্থান পোৱা প্ৰতিযোগী সকলক পুৰস্কাৰেৰে পুৰস্কৃত কৰে বিদ্যালয়খনৰ কৰ্তৃপক্ষই। আজিৰ অনুষ্ঠানত উপস্থিত থাকে আদৰ্শ বিদ্যালয়, পূব মঙলদৈৰ অধ্যক্ষ কুলদীপ কলিতা, জিলা প্ৰকল্প অভিযন্তা (সৰ্ব শিক্ষা) ধ্ৰুৱজ্যোতি নাথৰ লগতে বিদ্যালখনৰ সমূহ শিক্ষক-শিক্ষয়িত্ৰী তথা ছাত্ৰ-ছাত্ৰী সহ স্থানীয় অভিভাৱক-অভিভাবিকা সকল। অনুষ্ঠানত ন-পুৰণি বিহু, হুঁচৰি, আধুনিক গীতত নৃত্য পৰিবেশন কৰি উদযাপনস্থলী বহু সুন্দৰ কৰি তোলে ছাত্ৰ-ছাত্ৰী সকলে। অসমৰ বাপুতি সাহোন হেঁপাহৰ ৰঙালী বিহুৰ বিষয়ে ছাত্ৰ-ছাত্ৰী সকলক জ্ঞান দিয়াৰ উদ্দেশ্যে আজিৰ এই অনুষ্ঠানটোৰ আয়োজন কৰে। কৈশোৰ কালত ছাত্ৰ-ছাত্ৰী সকলৰ মাজত লুকাই থকা প্ৰতিভা সমূহ বিকশিত কৰিবৰ বাবে এনেধৰণৰ অনুষ্ঠানৰ আয়োজন কৰি আহিছে বিদ্যালয় কৰ্তৃপক্ষই। ছাত্ৰ-ছাত্ৰী সকলৰ ভয়, লাজ, সংকোচ আদি আঁতৰাই প্ৰতিভা বিকশিত কৰাত এনেধৰণৰ অনুষ্ঠানৰ অত্যন্ত প্ৰয়োজন বুলি মন্তব্য দিয়ে বিদ্যালয়খনৰ অধ্যক্ষ কুলদীপ কলিতাই।