আন্তৰ্জাতিক নাৰী দিৱসত মহীয়সী নাৰীৰ সন্মান বঁটা গ্ৰহণ কৰিলে জামুগুৰিহাটৰ শেৱালী হাজৰিকাই

সংবাদদাতা, জামুগুৰিহাট:- যোৱা ৮ মাৰ্চ তাৰিখে আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষ্যে নেৱকাছ (NEBCUS) ৰ উদ্যোগত গুৱাহাটী জ্যোতি চিত্ৰবনৰ ৰুদ্ৰ বৰুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা নাৰী সন্মান বঁটা প্ৰদান আৰু কবিতাৰ মহামেল অনুষ্ঠানত মহীয়সী নাৰী সন্মান বঁটা ২০২২ গ্ৰহণ কৰিলে জামুগুৰি হাটৰ শেৱালি হাজৰিকাই। এসময়ত জামুগুৰি হাটত পুতলা থিয়েটাৰৰে খলকনিৰ সৃষ্টি কৰা প্ৰয়াত হেমকান্ত হাজৰিকা আৰু প্ৰয়াত হীৰা হাজৰিকাৰ সুযোগ্য কন্যা শেৱালি হাজৰিকা। জামুগুৰি হাটৰ হাটিঙা ৰামপুৰত ১৯৭৬ চনত জন্মগ্ৰহণ কৰা শেৱালি হাজৰিকাই সাহিত্যৰ ক্ষেত্ৰখনত কলেজৰ দিনৰ পৰাই জড়িত হৈ আহিছে। পেছাত এগৰাকী নাৰ্চ হিচাপেজন সেৱাত ব্ৰতী হৈ সেৱা আগবঢ়াই আহিছে। হাজৰিকাই গল্প, অণুগল্প, কবিতা আদি লিখি চৰ্চা কৰি আহিছে। কাব্যিক জগতখনত তেওঁ যথেষ্ট অৱদান আছে। সামাজিক মাধ্যমত কাব্য চৰ্চা কৰি সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। সেয়ে নেৱকাছে শেৱালি হাজৰিকালৈ আন্তৰ্জাতিক নাৰী দিৱসত মহীয়সী নাৰীৰ সন্মান বঁটা ২০২২ প্ৰদান কৰে। অনুষ্ঠানটিত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী তথা জ্যোতি চিত্ৰবনৰ অধ্যক্ষ বিদ্যাসাগৰ, বিশিষ্ট সাংবাদিক প্ৰণয় বৰদলৈ, জনপ্ৰিয় অভিনেতা তথা ফুলনি মানে বাগিছা গীতটিৰ স্ৰষ্টা মন্মথ বৰুৱা, বিশিষ্ট কবি দেৱৰাজ কলিতা, বিশ্বনাথৰ ডাঃ ৰঞ্জন গগৈ, ৰাজীৱ বৰুৱা, ৰাজীৱ আহমেদ, নগাঁৱৰ কবি পূৰ্ণিমা হাজৰিকা, কবি মঞ্জু হাজৰিকা, বিশ্বনাথৰ যুৱ প্ৰজন্মৰ কবি বিশ্বজিৎ সূত আদিৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা নাৰী সকলৰ লগতে বিশিষ্ট ব্যক্তিসকল। বঁটা গ্ৰহণ কৰি হাজৰিকাই নেৱকাছৰ সভাপতি গগমাষ্টম গগৈ আৰু সম্পাদক বৰষা কাশ্যপক শলাগ লয়। শেৱালি হাজৰিকাৰ সাফল্যত নিজৰ পৰিয়াল, গাঁও তথা অঞ্চলবাসীৰ লগতে বহুতো গণ্য মান্য ব্যক্তিয়ে অভিনন্দন জনাইছে।