অসম

আপোনাৰ সহা‌য়ৰ বাবে আশাৰে বাট চাই আছে এটি দূৰ্ভগীয়া পৰিয়ালে

সংবাদদাতা, পূৱ যোৰহাট : বৰ্তমান সময় আধুনিক প্ৰযুক্তিৰ যূগ। আধুনিকতাৰ ধামখুমিয়াত আমাৰ থকা, খোৱা, চাল-চলন সকলো পৰিবৰ্তন ঘটিব ধৰিছে। মুঠৰ ওপৰত বিশ্বায়নৰ ধামখুমিয়াত আমি সকলো অন্ধ হৈ পৰিছো। আজি আমি আপোনালোকৰ আগত দেখুৱাম এইখন একবিংশ শতিকাৰ সমাজ ব্যৱস্থাত আদিম সভ্যতাৰ পৰিগাঁথাৰে জীৱন নিৰ্বাহ কৰা এটি পৰিয়ালৰ জীয়াই থকাৰ কৰুণ গাঁথা।

এই নিদাৰুণ পৰিয়ালটিৰ ঘৰ ৩৭নং ৰাষ্ট্ৰীয় পথৰ দাঁতিৰ চকলাটিং  হাবিচুক অঞ্চলত। বৰ্তমান এটি উৰুখা পজাত আজি কেইবাবছৰো ধৰি বাস কৰি আহিছে। আৰ্থিক অনাটন আৰু বিগত দুটা বছৰত কভিদ পৰিস্থিতিয়ে আৰ্থিক মেৰুদণ্ডদাল তচনচ কৰি পেলালে। এতিয়া পোৱা আৰু নোপোৱাৰ বেদনাত জৰ্জৰিত পৰিয়ালটি।

চকলাটিং হাবিচুক অঞ্চলৰ ভৰত কেওঁট আৰু অনিমা কেওঁট নামৰ এই দূৰ্ভগীয়া পৰিয়ালটিৰ দুখৰ কথা জানিব পাৰি সহায়ৰ হাত আগবঢ়াবলৈ আগবাঢ়ি আহিল পশ্চিম যোৰহাটৰ এজন উদ্যমী ব্যক্তি সমৰ বৰুৱাৰ নেতৃত্বত অন্য এক প্ৰয়াসৰ সদস্যবৃন্দ আৰু টীম হিউমিনিটিৰ বিষয়ববীয়াসকল। হৃদয়বান, মানৱদৰদী ব্যক্তি কেইজন উপস্হিত হৈ নিজে সহায় কৰাৰ লগতে সামাজিক মাধ্যমৰ

জৰিয়তে দূৰ্ভগীয়া পৰিয়ালটিক সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনায়। ইতিমধ্যে ৰাজ্যসভাৰ সাংসদ কাম্যাখা প্ৰসাদ তাছা, যোৰহাট আৰু দেৰগাঁও বিধানসভা সমষ্টিৰ বিধায়ক ক্ৰমে হিতেন্দ্ৰনাথ গোস্বামী, ভবেন ভৰালীকে মূখ্য কৰি বিভিন্ন জনে সহায়ৰ হাত আগবঢ়াবঢ়োৰ আশ্বাস দিয়ে বুলি জানিব পৰা গৈছে।

ইতিমধ্যে  সামাজিক মাধ্যমৰ যোগেদি এই উৰুখা পজাত বসবাস কৰি অহা পৰিয়ালটিৰ জীৱনৰ কৰুণ ৰাইজৰ আগত চৰ্চালৈ আনি কিছু সহায়ৰ হাত আগবঢ়োৱাত স্হানীয় ৰাইজে সমৰ বৰুৱাৰ কাৰ্যক শলাগ লৈছে। সকলোৱে স্বীকাৰ কৰিছে  মানুহৰ বাবে চিন্তা কৰা মানুহৰ অভাৱ ঘটা নাই।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: