অসম

আমগুৰিত একল বিদ্যালয়ৰ মাহেকীয়া বৰ্গ আৰু ৰাখী বন্ধন উৎসৱ সম্পন্ন

সংবাদদাতা, শিৱসাগৰ: – শিৱসাগৰ জিলা আমগুৰিৰ হালোৱটিং আহুগান মালাকাৰ বস্তি এল.পি স্কুলত আজি অনুষ্ঠিত হোৱা একল বিদ্যালয় অভিযানৰ শিৱসাগৰ অঞ্চলৰ অন্তৰ্গত আমগুৰি সঞ্চৰ আচাৰ্য-আচাৰ্য্যা সকলৰ মাহেকীয়া অভ্যাস বৰ্গ আৰু ৰাখী বন্ধন উৎসৱ অনুষ্ঠিত হয়। একলৰ ৰাখী বন্ধন কাৰ্য্যক্ৰমৰ অনুষ্ঠানটোত উপস্থিতিত থাকে একল অভিযানৰ আমগুৰি গ্ৰাম সমিতিৰ সভাপতি অমল মাজি, সম্পাদক টনি বেনেট, একল বিদ্যালয়ৰ আমগুৰি সঞ্চৰ সঞ্চ প্ৰমুখ ৰূপজ্যোতি চাংমাই, আমগুৰি সঞ্চৰ ব্যাস কথাকাৰ অঞ্জলি ঘাটোৱাৰ, অনুষ্ঠানটোত সমল ব্যক্তি হিচাপে উপস্থিতিত থাকে স্বদেশী জাগৰণ মঞ্চৰ অসম ৰাজ্যিকৰ বিষয়-ববিয়া দেৱজ্যোতি বৰুৱা, সমাজকৰ্মী চিকমিক দেৱী বৰুৱা। একল বিদ্যালয় আমগুৰি সঞ্চৰ আচাৰ্য্যা নিতুমনি ঘৰফলীয়াই আঁতধৰা অনুষ্ঠানটোত আচাৰ্য সকলৰ মাহেকীয়া অভ্যাস বৰ্গৰ লগতে একল গ্ৰাম সমিতিৰ বিষয়-ববিয়া, সমল ব্যক্তি সকলৰ বক্তব্য আৰু মত-বিনিময় হয়, ৰাখী বন্ধন পৰ্বত আচাৰ্য্যা সকলৰ দ্বাৰা ৰাখী পিন্ধোৱাৰ লগতে পবিত্ৰ মন্ত্ৰ ধ্বনিৰে অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: