অসম

আমছুৰ শ্যামটিলা আঞ্চলিক সমিতিৰ শপত গ্ৰহণ সম্পন্ন

সংবাদদাতা, দলগাঁও:- শনিবাৰে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ নৱগঠিত শ্যামটিলা আঞ্চলিক সমিতিৰ শপত গ্ৰহণ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। দৰঙৰ ধূলা আৰক্ষী থানাৰ অন্তৰ্গত শ্যামটিলা জাতীয় বিদ্যালয়ৰ সভাকক্ষত শনিবাৰে শ্যামটিলা আঞ্চলিক আমছুৰ মুখ্য উপদেষ্টা আতাপ আলীৰ সভাপতিত্বত শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত কৰা হয়। উল্লেখযোগ্য যে, জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে অসমৰ সংখ্যালঘু জনগণৰ জাতীয় অধিকাৰ সাব্যস্ত কৰাৰ লগতে সামগ্ৰিক ভাৱে অসমৰ সমূহ জাতি জনগোষ্ঠীৰ উন্নয়নৰ স্বাৰ্থত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৱে জন্মলগ্নৰে পৰা কাম কৰি আহিছে। তাৰ উপৰি সংখ্যালঘু অঞ্চলত চলি থকা অন্ধবিশ্বাস, কু-সংস্কাৰ, বাল্য বিবাহ, মদ, ভাং, তীৰ জুৱা আদি বন্ধ কৰিবলৈ অহৰহ চেষ্টা চলাই আছে। ছাইফুল ইছলামক সভাপতি, উপ সভাপতি নুৰুল ইছলাম, ৰমিজ উদ্দীন আহমেদ, মইনুল হক, সাধাৰণ সম্পাদক অবাইদুল্লাহ আৰু কাৰিমুল্লাহ হক, সহকাৰী সাধাৰণ সম্পাদক জলিমুদ্দিন আহমেদকে লৈ মুঠ ২৭ জনীয়া পূৰ্ণাংগ সমিতিয়ে শপত বাক্য পাঠ কৰে। শপত বাক্য পাঠ কৰাই দৰং জিলা সমিতিৰ সভাপতি মাহবুবুল আলম (বাবু মণি) য়ে। উক্ত শপত গ্ৰহণ অনুষ্ঠানটোত দৰং জিলা সমিতিৰ সভাপতি মাহবুবুল আলম (বাবু মণি) ক আদি কৰি, সহকাৰী সাধাৰণ সম্পাদক ৰফিকুল ইছলাম আৰু ৰেজ্জাক আলী, সংগঠনিক সম্পাদক উবাইদুল ইছলাম, কামাল আলী (গাওঁবুঢ়া), ১ নং ধনশ্ৰী কাষ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ছামচুল আলম, শ্যামটিলা জাতীয় বিদ্যালয়ৰ প্ৰধান শিক্ষক বছিৰুল ইছলাম, সহ: শিক্ষক ফাৰুক আব্দুল্লাহ, পানবাৰী শংকৰদেৱ শিশু বিদ্যানিকেতন একাডেমিৰ শিক্ষক শ্বৰিফ উদ্দীন আহমেদ উপস্থিত থাকে। জিলা সমিতিৰ সভাপতি গৰাকীয়ে ৰাজনৈতিক দলসমূহৰ পৰা আঁতৰত থাকি দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতিবলৈ আৰু আধাতে বিদ্যালয় এৰা ছাত্ৰ-ছাত্ৰী সকলক পুনৰ বিদ্যালয়লৈ পঠিওৱাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নৱ গঠিত সমিতি খনক আহ্বান জনায়। উক্ত অনুষ্ঠানত আঞ্চলিকৰ সমূহ বিষয়ববীয়াৰ লগতে বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।

Show More

Leave a Reply

Your email address will not be published.

Back to top button