অসম

আয়েছা নিষ্ঠা ৱেলফাৰ চ’ছাইটিৰ অভিনৱ পদক্ষেপ

বিভিন্ন স্থানৰ পাছত এইবাৰ পিকনিক স্পটত সজাগতা শিবিৰ

সংবাদদাতা, লাহৰীঘাট:- বৰ্তমান পিকনিকৰ বতৰ। পিকনিক, প্ৰীতি ভোজত ব্যস্ত সকলো। পিকনিক, প্ৰীতি ভোজত সকলো ব্যস্ত থকাৰ সময়তে বিভিন্ন প্ৰান্তৰ লগতে মৰিগাঁও জিলা প্ৰশাসন আৰু মৰিগাঁও জিলা পৰিবহণ বিভাগৰ সহযোগত আয়েছা নিষ্ঠা ৱেলফাৰ চ’ছাইটিয়ে আজি চনকা ই-ক’ কেম্প, পবিতৰা অভয়াৰণ্য আদি মৰিগাঁৱৰ বিভিন্ন পিকনিচ স্পটত অডিঅ’ আৰু ভাইবেল কমিউনিকেশ্ব্যনৰ জৰিয়তে সজাগতা সৃষ্টি কৰে। এই সজাগতা শিবিৰত ভাগ লয় মৰিগাঁৱৰ অধিবক্তা তথা চ’ছাইটিৰ কোষাধ্যক্ষ তথা মুখ্য উপদেষ্টা মজিবুৰ ৰহমান, চ’ছাইটিৰ সম্পাদিকা মাচুমা ইয়াছমিন, সহকাৰী সম্পাদক নাচিৰ আলীকে ধৰি কাৰ্য্যনিৰ্বাহক সদস্যসকলে। পিকনিকৰ লগতে যান বাহন চলোৱা সময়ত ল’ব লগা সাৱধানতা, পিকনিকক উচ্চস্তৰীয় শব্দৰে শব্দ প্ৰদূষণ সৃষ্টি নকৰা, পিকনিকৰ পেলনীয়া সামগ্ৰী য’তে-ত’তে পেলাই পিকনিক স্পটসমূহ লেতেৰা নকৰা, পিকনিকলৈ গৈ বন্যপ্ৰাণীৰ হানি হ’ব পৰা কৰ্মৰ পৰা বিৰত থকা আদি বিভিন্ন বিষয়ৰ ওপৰত গুৰুত্ব প্ৰদানেৰে চ’চাইটিয়ে গ্ৰহণ কৰে এই সজাগতা শিবিৰ।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: