অসম

আলফা(স্বাঃ)ত যোগদান কৰিব যোৱাৰ পথত আটক টংলাৰ যুৱক

সংবাদদাতা, টংলা:- ওদালগুৰি জিলাৰ টংলা থানাৰ অন্তৰ্গ জলাহ গাঁৱৰ নিবাসী তথা পিতৃ মহেন্দ্ৰ ডেকা আৰু মাতৃ সুশীলা ডেকাৰ একমাত্ৰ পুত্ৰ বিকাশ ডেকা(২১)য়ে আলফা(স্বাঃ)ত যোগদান কৰিবলৈ যোৱাৰ পথত আটক হয়। উল্লেখযোগ্য যে নাগালেণ্ড মন জিলাত ২৭ নম্বৰ আছাম ৰাইফলছে এক গোপন সূত্ৰৰ পম খেদি আটক কৰিবলৈ সক্ষম হয় তিনিজন যুৱকক।

যোৱা মংগলবাৰে মাতৃক গুৱাহাটীত কোম্পানীৰ বস্তু আনিব যাও বুলি ওলাই যায় বিকাশে। টংলাস্থিত দাপোন দ্যা মিৰৰ, টংলা আঞ্চলিক জাতীয়তা বাদী যুৱ ছাত্ৰৰ লগত জড়িত বিভিন্ন গীত-মাত, বিহু নৃত্য কৰি ভাল পোৱা আৰু সততে জুবিন বুলি পাগল হোৱা যুৱকজন কি কাৰণত এনে পন্থা বাছি লৈছে এয়া এক ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: