অসম

আৰক্ষী নথকাৰ বাবেই বন্ধ হৈ পৰিছে নগাঁৱৰ নামপানীগাঁও আৰক্ষী চকী

সংবাদদাতা, পুৰণিগুদাম:- যি সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষীক আধুনিকীকৰণ কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে সেই সময়তে বিশেষ ভাৱে চৰ্চিত হৈছে নগাঁৱৰ পুৰণিগুদাম নিকটৱৰ্তী এখন বিশেষ আৰক্ষী চকী। ৰূপহীহাট আৰক্ষী থানাৰ অন্তৰ্গত হালোৱাগাঁৱত ১৯৮৩চনতে স্থাপন কৰা নামপানী আৰক্ষী চকীখনে বৰ্তমান আৰক্ষীৰ ফোঁপোলা স্বৰূপটো উদঙাই দিছে। বহু আশাৰে প্ৰতিষ্ঠা কৰা আৰক্ষী চকীখন এতিয়া নামতহে আছে কিন্তু আৰক্ষী চকীখন তদাৰক কৰিবলৈ নাই এজনো আৰক্ষী। চৰকাৰে লাখ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা আৰক্ষী চকীখনৰ

বৃহৎ ঘৰটোৱেই মাত্ৰ এতিয়া আৰক্ষী চকীখনৰ ৩৮ বছৰীয়া সাক্ষী হৈ ৰৈছে। ইয়াৰ বাহিৰে আৰক্ষী চকীখনত এখনো নাম ফলকো নাই। উল্লেখযোগ্য যে ১৯৮৩ চনৰ পৰা ১৯৯৪ চনলৈকে আৰক্ষী চকীখন সক্ৰিয় ভাৱেই চলি আছিল। কিন্তু এঘাৰটা বছৰ সক্ৰিয়ভাবে চলাৰ পিছত হঠাৎ নিস্ক্ৰিয় হৈ পৰিল নামপানীগাঁও আৰক্ষী চকী খন। বৰ্তমান আৰক্ষী চকীখনত দুজনকৈ কনিষ্টবল নিয়োজিত হৈ আছে যদিও আজিকোপতি দুয়োগৰাকী কনিষ্টবলৰ মুখেই দেখা নাই অঞ্চলবাসীয়ে। যাৰ ফলস্বৰূপে নতুনকৈ নিৰ্মাণ কৰা গৃহটো ভূত বাংলালৈহে পৰ্যবসিত হৈছে।

তিনিটাকৈ কিচামত ক্ৰমে হালোৱাগাঁও, কুমাৰগাঁও আৰু নামপানীগাঁৱৰ অন্তৰ্গত প্ৰায় ২০ খন গাঁৱৰ সুবিধাৰ্থে নিৰ্মাণ কৰা আৰক্ষী চকীখনত আৰক্ষী নথকাৰ বাবে এতিয়া স্থানীয় ৰাইজ যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। আনপিনে সমীপতে সকলো ব্যৱস্থাৰে পৰিপূৰ্ণ এখন আৰক্ষী চকী থকাৰ পাছতো অসম আৰক্ষীয়ে এই আৰক্ষী চকীখনৰ সদ্ব্যৱহাৰ নকৰাৰ বাবেই ৰাইজে বাটকুৰি বাই ৰূপহীহাট আৰক্ষী থানালৈ যাবলগীয়া হৈছে। এতিয়া স্থানীয় ৰাইজে অসমৰ নবনিযুক্ত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক অতিশীঘ্ৰেই আৰক্ষী চকীখন কাৰ্যক্ষম কৰি তুলিবলৈ দাবী জনাইছে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: