অসম

আৰক্ষী স্মৃতি দিৱস উপলক্ষে মৰিগাঁও আৰক্ষীৰ সৌজন্যত ‘হাফ মাৰাথন দৌৰ প্ৰতিযোগিতা’ সম্পন্ন

সংবাদাতা, ভূৰবন্ধা: – বৃহস্পতিবাৰে মৰিগাঁও জিলা আৰক্ষীয়ে আৰক্ষী স্মৃতি দিৱস উপলক্ষে অনুষ্ঠিত কৰা ল’ৰা-ছোৱালীৰ হাফ মাৰাথন দৌৰ প্ৰতিযোগিতাখনি জিলাখনৰ বঘৰাৰ পৰা জালুগুটি হৈ আৰক্ষী ছাউনী মৰিগাঁৱত সামৰণি পৰে। পুৱা ৫ বজাত মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক অৰ্পণা নটৰাজনে ফ্লেগ অফৰ জৰিয়তে প্ৰতিযোগিতাখনি শুভাৰম্ভ কৰে। প্ৰতিযোগিতাখনত অসমৰ বিভিন্ন ঠাইৰ পৰা তিনি শতাধিক যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়। প্ৰতিযোগিতা খনত ক্ৰমে ল’ৰাৰ শাখাত ১ম স্থান অধিকাৰ কৰিছে যোৰহাট জিলাৰ বিজয় ডেকাই, ২য় স্থান অধিকাৰ কৰিছে মৰিগাঁও জিলাৰ সূৰ্য দাস, ৩য় স্থান অধিকাৰ কৰিছে নগাঁও জিলাৰ শ্বেখৰ বৰদলৈয়ে।

আনহাতে ছোৱালীৰ শাখাত ১ম স্থান অধিকাৰ কৰিছে ধেমাজি জিলাৰ ৰেখামনি শইকীয়া, ২য় স্থান অধিকাৰ কৰিছে নগাঁও জিলাৰ পাহি কেওঁট, ৩য় স্থান অধিকাৰ কৰিছে নগাঁও জিলাৰ লিলি বৰদলৈয়ে। ইফালে উক্ত প্ৰতিযোগিতাখনত মৰিগাঁও জিলা ভূৰবন্ধা শংকৰদেৱ শিশু নিকেতনৰ নবম শ্ৰেণীৰ ছাত্ৰ ভূৰবন্ধা সীমান্ত ৰাজ কাকতিয়ে অংশগ্ৰহণ কৰি উক্ত প্ৰতিযোগিতা খনিত আৰক্ষী প্ৰশাসনে বান্ধি দিয়া সম্পূৰ্ণ ২১ কিলোমিটাৰ দৈৰ্ঘ্য পথ দৌৰি লক্ষ্যস্থানত উপস্থিত হৈ নিকেতনখনলৈ গৌৰৱ কঢ়িয়াই আনে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: