অসম

আৰাধ্যাৰ কাৰ্যালয়ৰ দ্বাৰ মুকলি, পষেকীয়া স্বাভিমান উন্মোচন

সংবাদদাতা, পশ্চিম যোৰহাট:- অসম চৰকাৰৰ সমবায় বিভাগত পঞ্জীয়নভুক্ত, মানুহ আৰু পশু-পক্ষীৰ ব্যয় সাধ্য চিকিৎসা সেৱা কৰাৰ উদ্দেশ্যে প্ৰতিষ্ঠিত আৰাধ্যা হেলথ কেয়াৰ ক’-অপাৰেটিভ ছ’চাইটি লিমিটেডৰ কাৰ্যালয় গৃহটোৰ দ্বাৰ বছৰৰ পহিলা দিনটোতে মুকলি কৰা হয়। সৰুচৰাই চাহবাগিচাৰ কাষত ভাতেমৰাস্থিত কাৰ্যালয় গৃহটোৰ দ্বাৰ মুকলি কৰে অৱসৰপ্ৰাপ্ত অধ্যাপিকা প্ৰণতি বৰুৱাই। ডাক্তৰ বলীন খাৰঘৰীয়া, ডাক্তৰ গোলাপ ডেকা, জয়ন্ত নাথ, হেমেনকুমাৰ শইকীয়া, ৰমেন শইকীয়া প্ৰমুখ্যে বিভিন্নগৰাকীয়ে বক্তব্য আগবঢ়োৱা অনুষ্ঠানত যোৰহাটৰ মুক্তিযোদ্ধা খগেশ্বৰ গগৈক সম্বৰ্ধনা জনায়। যোৰহাটত বিভিন্ন ক্ষেত্ৰত কাম কৰি থকা ৫০ গৰাকীৰো অধিক লোকক ইংৰাজী নববৰ্ষৰ পহিলা দিনটোত বৰণ কৰাৰ লগতে আৰাধ্যা হেলথ কাৰ্ড একোখনকৈ প্ৰদান কৰা হয়। এই কাৰ্ডৰ জৰিয়তে মানুহ আৰু পোহনীয়া পশু-পক্ষীৰ চিকিৎসালয়ত, পৰীক্ষাগাৰত কম মূল্যত পৰীক্ষা কৰোঁৱাৰ লগতে সৰ্বোচ্চ ৫০ শতাংশ পৰ্যন্ত ৰেহাই মূল্যত ঔষধ ক্ৰয় কৰিব পাৰিব। কাৰ্ড প্ৰাপ্তসকলৰ ঘৰলৈ গৈ ও প্ৰশিক্ষণ প্ৰাপ্ত স্বাস্থ্য কৰ্মীয়ে স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে কম মূল্যত ঔষধ যোগান আৰু ব্যৱহাৰৰ সম্পৰ্কত বুজাই দিব। আৰাধ্যাই নগৰে-গাঁৱে স্বাস্থ্য সজাগতা সভা কাৰ্ড প্ৰাপ্তসকলৰ আমন্ত্ৰণত অনুষ্ঠিত কৰিব। স্বাস্থ্য বিমাৰ উপকাৰিতাৰ সম্পৰ্কত অৱগত কৰাৰ উপৰি চিকিৎসা বিষয়ক তথ্যৰ যোগান ধৰিব। দুৰ্ঘটনাগ্ৰস্ত ব্যক্তিৰ পৰিয়াল বৰ্গক পাৰ্য মানে সহায়-সাহায্য প্ৰদান কৰিব বুলি পলাশজ্যোতি বৰা আৰু ভাস্কৰজ্যোতি বৰপূজাৰীয়ে বক্তব্যত উল্লেখ কৰে। ৰঞ্জন শৰ্মাই আঁত ধৰা অনুষ্ঠানতে আৰাধ্যা হেলথ কেয়াৰ ক’-অপাৰেটিভ ছ’চাইটি লিমিটেড, অসমৰ হৈ ইভামণি বৰপূজাৰীৰ দ্বাৰা প্ৰকাশিত, হেমেন্দ্ৰকুমাৰ শইকীয়াৰ দ্বাৰা সম্পাদিত পষেকীয়া স্বাভিমান নামৰ ১৬ পৃষ্ঠাৰ উন্মোচন টেবলয়ড আকাৰৰ বাতৰি কাকতখনৰ প্ৰথম বৰ্ষৰ প্ৰস্তাৱনা সংখ্যাটো উন্মোচন কৰা হয়। মানৱীয় প্ৰমূল্য, বিজ্ঞান মনস্কতা আৰু পৰিবেশ সুৰক্ষাৰ স্বাৰ্থত শ্ল’গানেৰে প্ৰকাশিত কাকতখন বিতৰণ কৰা অনুষ্ঠানত ভালেসংখ্যক লোক উপস্থিত থাকে। উল্লেখ্য, আৰাধ্যাৰ কৰ্মীসকলে বৰ্তমানলৈকে ভালেকেইটা স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰাৰ লগতে সদস্য ভৰ্তি অভিযান চলাই আছে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: