অসম

আৰাৰ প্রথমটো ক’ভিড ভেকচিন সম্পন্ন

সংবাদদাতা, গুৱাহাটী : যোৱা ১৩-১৫ জুনলৈ তিনিদিনীয়া কার্যসূচীৰে সদৌ অসম ৰেষ্টুৰেণ্ট এছ’চিয়েচন (আৰা)ৰ উদ্যোগত ভেকচিন প্রদান কৰা হয় গুৱাহাটীৰ আৰ জি বৰুৱা পথৰ ‘গুৱাহাটী চেণ্ট্রেল’ৰ এগজ’টিকা গ্রীণৰ পার্কিঙত। অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ সহযোগত আৰম্ভ কৰা ভেকচিন প্রদানৰ কার্যসূচী

ৰূপায়ণত ‘মেডিচিটী গুৱাহাটী’ৰ সঞ্চালক ডাঃ চিৰঞ্জীৱ চক্রৱর্তীৰ তত্ত্বাৱধানত অহা নার্ছ অনামিকা ডেকা, ৰীণা বেগম, ইন্দ্রজিৎ সৰকাৰ আৰু ৰোছনে সহযোগিতা আগবঢ়ায় । ক’ভিডসৃষ্ট বর্তমান পৰিৱেশত আই ডি এফ চি ফার্ষ্ট বেংক আৰু এইচ এম এণ্টাৰপ্রাইজৰ সহযোগিতাও অনুকৰনীয়। তিনিওদিনৰ কার্যসূচীত

গুৱাহাটীৰ ১০০খন ৰেষ্টুৰেণ্টৰ স্বত্বাধিকাৰ, মেনেজাৰ আৰু কর্মচাৰীসকলৰ সর্বমুঠ ৭১২জনক প্রথমটো ভেকচিন প্রদান কৰা হয়। সন্থাৰ সভাপতি অতুল লহকৰ, উপ-সভাপতি ৰবীন কৰ, সহকাৰী সম্পাদিকা মনজিতা চৌধুৰী, সমন্বয়ৰক্ষী ক্রমে ৰোমিঅ’ শেঠ, জিতাম্রিতা বৰা আৰু প্রিতম ঘোষে ভেকচিন প্রদান

কার্যসূচীৰ সফল ৰূপায়ণত অভূতপূর্ব সহযোগিতা আগবঢ়ায়। অসম চৰকাৰৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা, স্বাস্থ্যমন্ত্রী কেশৱ মহন্ত, অসম চৰকাৰৰ স্বাস্থ্য বিভাগ, প্রশাসনৰ বিষয়ববীয়াসকলৰ সহায়-সহযোগিতা অবিহনে এই ভেকচিন প্রদান কার্যসূচী সম্ভৱ নহ’লহেঁতেন। ‘আৰা’ই সকলোকে ধন্যবাদ জনোৱাৰ লগতে দ্বিতীয়টো ভেকচিনৰ সময়তো সকলোৰে সহযোগিতা কামনা কৰিছে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: