অসম

আৰ্থিক সংকটত পঞ্চায়ত প্ৰতিনিধি : ২১ মাহে পোৱা নাই মাহেকীয়া পাৰিতোষিক

সংবাদদাতা, বাহনা : ২০১৯ চনত অনুষ্ঠিত পঞ্চায়ত নিৰ্বাচনত নিৰ্বাচিত প্ৰতিনিধিসকলে বিগত ২১ মাহে পাৰিতোষিকৰ পৰা বঞ্চিত হৈ আছে। নিৰ্বাচিত হোৱাৰ পিছত মাত্ৰ ৯ মাহৰহে পাৰিতোষিক পালে জনপ্ৰতিনিধিসকলে। জিলা, আঞ্চলিক আৰু গাঁও পঞ্চায়তৰ সকলো স্তৰৰ প্ৰতিনিধিয়েই পাৰিতোষিকৰ পৰা বঞ্চিত হোৱাত আৰ্থিক সমস্যাৰ সন্মুখীন হৈছে।

পঞ্চায়ত প্ৰতিনিধিসকলৰ এই সমস্যা সমাধানৰ কাৰণে যোৰহাট জিলা গাঁও পঞ্চায়ত সভাপতি সংস্থাই চৰকাৰৰ ওচৰত দাবী জনাইছে। সন্থাৰ সভাপতি দিগন্ত ভূঞা আৰু কাৰ্যকৰী সভাপতি বুবুল চন্দ্ৰ দত্তই এক প্ৰেছ বিবৃতিৰ জৰিয়তে গাঁও পঞ্চায়তৰ সভাপতিৰ লগতে সকলো স্তৰৰ পঞ্চায়তৰ প্ৰতিনিধিক নিয়মীয়া ভিত্তিত পাৰিতোষিক প্ৰদান কৰিবৰ বাবে আহ্বান জনাইছে।

ভয়াবহ ক’ভিড পৰিস্হিতিত পঞ্চায়ত প্ৰতিনিধিসকলে প্ৰথম শ্ৰেণীৰ যোদ্ধা হিচাপে কাম কৰিছে যদিও ভেকচিন আৰু অন্যান্য যাৱতীয় সুবিধাসমূহৰ ক্ষেত্ৰটো অগ্ৰাধিকাৰ  পোৱা নাই বুলি সংস্থাই আক্ষেপ প্ৰকাশ কৰে। তদুপৰি বিগত চৰকাৰৰ দিনত পঞ্চায়ত প্ৰতিনিধিৰ পাৰিতোষিক বৃদ্ধিৰ প্ৰসংগ উপস্থাপন হৈছিল যদিও সেই ক্ষেত্ৰটো অদ্যপি ব্যৱস্থা গ্ৰহণ নকৰিলে।

নতুন চৰকাৰৰ গতিশীল মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসলৈ যোৰহাট জিলা গাঁও পঞ্চায়ত সভাপতি সংস্থাই অভিনন্দন জ্ঞাপন কৰি তৃণমূল পৰ্যায়ত ৰাইজৰ বাবে কাম কৰা জন প্ৰতিনিধিসকলৰ পাৰিতোষিক আদায় দিয়া আৰু বৃদ্ধিৰ ক্ষেত্ৰত ক্ষীপ্ৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: