অসম

আৰ্যভট্ট কেন্দ্ৰৰ উদ্যোগত কাকজানত বিজ্ঞান সমাৰোহ

সংবাদদাতা, পূৱ যোৰহাট:- অসম বিজ্ঞান, প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ পৃষ্ঠপোষকতাত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ, মধ্য যোৰহাট খণ্ডৰ উদ্যোগত ২১ ডিচেম্বৰত কাকজান চৰকাৰী মধ্য ইংৰাজী বিদ্যালয়ত বিজ্ঞান সমাৰোহৰ আয়োজন কৰিছে। মধ্য যোৰহাট শিক্ষা খণ্ডৰ অন্তৰ্গত বিদ্যালয়সমূহৰ ষষ্ঠৰ পৰা দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত হ’বলগীয়া সমাৰোহত বিজ্ঞানৰ মডেল, অৰ্ধআকস্মিক বক্তৃতা, পোষ্টাৰ ড্ৰয়িং আৰু ধাৰণা(আইডিয়া) প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। সমাৰোহত অসম বিজ্ঞান লেখক সন্থাৰ প্ৰাক্তন সভানেত্ৰী তথা সু-লেখিকা ড° অদিতি বেজবৰুৱাই বিজ্ঞান-বক্তৃতা প্ৰদান কৰিব। প্ৰতিযোগিতাত অংশ গ্ৰহণৰ কাৰণে কাকজান মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষয়িত্ৰী নৱনীতা চৰকাৰ, দুৰভাষ: ৮৬৩৮১২৬১১৯বা সীমনা বৰা, ৮৬৩৮৩৮৩০৩৪ ৰ লগত যোগাযোগ কৰিবলৈ আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ সমন্বয়ক হেমেন কুমাৰ শইকীয়াই আহ্বান জনাইছে।

এই সপ্তাহৰ কাকতখন পঢ়িবলৈ ক্লিক কৰক

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: