অসম

আৰ্যভট্ট বিজ্ঞান কেন্দ্রৰ প্ৰতিযোগিতা

সংবাদদাতা, পশ্চিম যোৰহাট:- আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ, উত্তৰ-পশ্চিম যোৰহাটে ২২ ডিচেম্বৰত মালৌআলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিজ্ঞান ভিত্তিক বাৰ্ষিক প্ৰতিযোগিতা আয়োজন কৰিছে। সেইদিনা উত্তৰ-পশ্চিম যোৰহাট উন্নয়ন খণ্ড এলেকাৰ শিক্ষানুষ্ঠানসমূহত অষ্টম, নৱম, দশম শ্ৰেণীত অধ্যয়নৰত শিক্ষাৰ্থীসকলৰ অংশগ্ৰহণেৰে বিজ্ঞান বিষয়ৰ বক্তৃতা, চিত্ৰাংকণ, বিজ্ঞানৰ আৰ্হি প্ৰস্তুত আৰু আইডিয়া প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। পুৱা ৯: ৩০ বজাৰ পৰা হ’বলগীয়া প্ৰতিযোগিতাত শিক্ষাৰ্থীসকলৰ উপস্থিতি সমন্বয়ক বিপুল দুৱৰাই কামনা কৰিছে। প্ৰতিযোগিতাৰ অন্তত হ’বলগীয়া মুকলি সভাত স্থান প্ৰাপ্ত সকলক মানপত্ৰসহ পুৰস্কাৰ প্ৰদান কৰিব। উল্লেখ্য, এই প্ৰতিযোগিতাত স্থানপ্ৰাপ্ত সকলে জিলা পৰ্যায়ত হ’বলগীয়া প্ৰতিযোগিতাত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ উত্তৰ-পশ্চিম যোৰহাটৰ পৰা অংশগ্ৰহণ কৰিবলৈ সুবিধা পাব।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: