অসম

আৱৰণতে আবদ্ধ থাকিল ভ্ৰাম্যমাণৰ দুই ৰথী-মহাৰথীৰ প্ৰতিমূৰ্তি

সংবাদদাতা, বজালী:- নিৰ্মাণৰ প্ৰায় ডেৰ বছৰ পিছতো খোল নাখালে প্ৰতিমূৰ্তি দুটাৰ আৱৰণ। ভ্ৰাম্যমাণ জগতৰ পুৰোধ্য ব্যক্তি অচ্যুত লহকৰ আৰু ৰতন লহকৰৰ স্মৃতিত পাঠশালাৰ প্ৰাণকেন্দ্ৰ বিষন্নলাৰ পাৰত নিৰ্মাণ কৰা হৈছিল দুয়োজন ব্যক্তিৰ প্ৰতিমূৰ্তি।বজালী জিলাই পূৰ্ণাংগ ৰূপ পোৱাৰ পূৰ্বতে বজালীৰ প্ৰথমগৰাকী উপায়ুক্তই প্ৰতিমূৰ্ত্তি দুটা প্ৰত্যক্ষ কৰিছিল

যদিও আজিলৈকে আৱৰণতে থাকিল প্ৰতিমূৰ্ত্তি দুটা। পাঠশালাৰ প্ৰগতি সংঘৰ বাকৰিত নিৰ্মাণ হোৱা প্ৰতিমূৰ্ত্তি দুটাৰ কাষেৰে বৈ যোৱা বিষন্নলাৰ কদৰ্য্যময় পৰিবেশে মহান ব্যক্তি দুয়োজনক কৰবাত নহয় কৰোবাত আঘাত সানিছে নেকি? উল্লেখ্য যে প্ৰতিমূৰ্তি দুটা আৱৰণতে আৱদ্ধ থকাত ক্ষোভ প্ৰকাশ কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগতে সচেতনমহলে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: