অসম

ইউক্ৰেইনৰ পৰা স্ব-গৃহত উপস্থিত মনছুৰ আলম

সংবাদদাতা, কোকিলা:- সপ্তাহজুৰি ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধ চলি থকাৰ সময়তে ইউক্ৰেইনৰ চিকিৎসা বিশ্ববিদ্যালয়ত অধ্যয়নৰত বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ৫ নং ভাণ্ডাৰাৰ ছাত্ৰ মঞ্জুৰ আলম ঘৰলৈ উভতি আহিছে। চৰকাৰৰ সহযোগত ঘৰলৈ উভতি আহি চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছে ছাত্ৰজনে। ইউক্ৰেইনত আবদ্ধ থকাৰ সময়তে কেনেকুৱা পৰিস্থিতিৰ সন্মুখীন হৈছিল সেই কথা ব্যক্ত কৰিলে আমাৰ সন্মুখত। বজাৰত থকাৰ সময়তে বোমা বিস্ফোৰণ হোৱাৰ কথা ব্যক্ত কৰিলে ছাত্ৰজনে। শিক্ষানুষ্ঠানৰ পৰা বাছেৰে লৈ যোৱা হৈছিল তেওঁলোকক বৰ্ডাৰলৈ। বৰ্ডাৰৰ পৰা ৫ কি.মি. দূৰত বাছৰ নমাই দিছিল। প্ৰায় ২ হাজাৰ মানুহ একেলগে ভোকে পিয়াহে খোজ কাঢ়ি গৈ থাকিছিল। পাছত ১৭ ঘণ্টাৰ মূৰত সীমা পাৰ হবলৈ সক্ষম হৈছিল মঞ্জুৰ আলম। কিন্তু ভাৰতীয় দুতাবাসৰ পৰা যিধৰণে সহায় আশা কৰিছিল তেনেদৰে সহায় নোপোৱাৰ অভিযোগ উত্থাপন কৰিছে ছাত্ৰজনে। ইণ্ডিয়ান এম্বেচীৰ ওপৰত ক্ষোভ প্ৰকাশ কৰে ছাত্ৰজনে। এতিয়াও বহু ছাত্ৰ-ছাত্ৰী আবদ্ধ হৈ থকা বুলি উল্লেখ কৰি সেইসকল ছাত্ৰ-ছাত্ৰীক উদ্ধাৰ কৰিবলৈ চৰকাৰক আহ্বান জনাইছে ছাত্ৰজনে। মঞ্জুৰ আলম ঘৰলৈ উভতি অহাত পৰিয়ালৰ লোকৰ মাজত হাঁহি বিৰিঙাইছেl

Show More

Leave a Reply

Your email address will not be published.

Back to top button