অসম

ইটাখোলাত মহিলা সৱলীকৰণৰ ওপৰত সজাগতা কাৰ্য্যসূচী

চতিয়া অঙ্গনাবাদী কৰ্মী-সহায়িকাৰ সজাগতা শোভাযাত্ৰা

সংবাদদাতা, জামুগুৰিহাট:- নাৰীৰ অধিকাৰ সুৰক্ষিত কৰক। নাৰী শক্তি মহান শক্তি, ভ্ৰুণ হত্যা বন্ধ কৰক, শিশু শ্ৰমিক বন্ধ কৰক, বাল্য বিবাহ বন্ধ কৰক, নাৰী নিৰ্যাতন বন্ধ কৰক আদি বিভিন্ন শ্লোগানেৰে জামুগুৰিহাটৰ ইটাখোলাত এক সজাগতামূলক শোভাযাত্ৰা বাহিৰ কৰে চতিয়াৰ অঙ্গনাবাদী কৰ্মী-সহায়িকাসকলে। চতিয়া সংহত শিশু প্ৰকল্প কাৰ্য্যালয়ৰ অন্তৰ্গত কৰ্মী-সহায়িকা সকলে ইটাখোলা ব্যৱসায়িক কেন্দ্ৰৰ মাজেদি আহি শংকৰদেৱ ভৱনত এই শোভাযাত্ৰা লগতে বাটৰ নাটভাগ সমাপ্ত কৰে। হাতে হাতে বেনাৰ-প্লেকাৰ্ড লৈ শোভাযাত্ৰা কৰি আহি অঙ্গনাবাদী কৰ্মীসকলে শংকৰদেৱ ভৱনত এখন সজাগতামূলক সভাও অনুষ্ঠিত কৰে। গ্ৰামাঞ্চলৰ নাৰী সকলক সজাগ-সচেতন কৰাৰ উদ্দেশ্যৰে তথা নাৰী সকলক সৱলীকৰণৰ লক্ষ্যৰেই এই কাৰ্য্যসূচী সম্পন্ন কৰা হয় বুলি জানিবলৈ দিয়ে চতিয়া আঞ্চলিক পঞ্চায়তৰ সভাপতি লক্ষ্মীকান্ত বৰা, নদুৱাৰ ৰাজহ চক্ৰ বিষয়া মন্তুুষ চক্ৰৱৰ্ত্তী প্ৰমুক্ষেকৰি বিভিন্নজনে। মুখ্য অতিথিৰূপে আসন অলংকৃত কৰে বিশ্বনাথ জিলাৰ অতিৰিক্ত উপায়ুক্ত লিজা তালুকডাৰে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: