অসম

ইণ্ডিয়া বুক অৱ ৰেকৰ্ড’ত নিজৰ নাম অন্তর্ভুক্ত কৰি ৰঙিয়ালৈ গৌৰৱ কঢ়িয়াই আনিলে খনীন মেধীয়ে

সংবাদদাতা, ৰঙিয়া : ৰঙিয়া মহকুমাৰ অন্তৰ্গত লাচি-বিষ্ণুপুৰ গাঁৱৰ ভিঠেলীপাৰা চুবুৰীৰ উমেশ চন্দ্ৰ মেধী আৰু নিৰলা মেধীৰ জেষ্ঠ পুত্ৰ খনীন মেধীয়ে ইণ্ডিয়া বুক অৱ ৰেকৰ্ড’ত নিজৰ নাম অন্তর্ভুক্ত কৰি ৰঙিয়ালৈ গৌৰৱ কঢ়িয়াই আনিলে।‌ভাৰতবৰ্ষৰ অতি ক্ষুদ্ৰ কব্য সংকলন হিচাপে বিবেচিত হৈ ইণ্ডিয়া বুক অৱ ৰেকৰ্ড’ত

নিজৰ নাম অন্তর্ভুক্ত হ’ল মেধীৰ। মেধী এগৰাকী কবি, গীতিকাৰ, লেখক, প্ৰকাশক আৰু যুৱ উদ্দোগী৷ মেধীয়ে ২০০৯ চনত প্ৰকাশ কৰা অসমীয়া কব্য সংকলন “দুখত হালে জানো বুকুৰ কলিজা” ক  ইংৰাজীলৈ “The Bosom Of The Heart Tilt In Grief” নামেৰে

২০১৩ চনত  অনুবাদ কৰি প্ৰকাশ কৰে। ইয়াৰ পিছত এই গ্ৰন্থখনিক পূৰ্বৰ সম পৃষ্ঠাৰ সমসংখ্যক কবিতাৰে ২.৪ ইঞ্চি × ২.৭ ইঞ্চি আকাৰত যোৱা ৮ মাৰ্চত প্ৰকাশ কৰি “ইণ্ডিয়া বুক অৱ ৰেকৰ্ড” লৈ প্ৰেৰণ কৰিছিল আৰু যোৱা ২৫ মাৰ্চত ভাৰতবৰ্ষৰ অতি ক্ষুদ্ৰ

কব্য সংকলন হিচাপে বিবেচিত হৈ “ইণ্ডিয়া বুক অৱ ৰেকৰ্ড ২০২১”ত স্থান লাভ কৰে। ৰঙিয়া মহকুমাৰ অন্তৰ্গত ভিঠেলীপাৰা গাঁৱত জন্মগ্ৰহণ কৰা মেধী বৰ্তমান বাসিন্দা হিচাপে গুৱাহাটী মহানগৰৰ চানমাৰীলৈও এই গৌৰৱ কঢ়িয়াই আনে।

মেধীয়ে এতিয়ালৈকে স্ব-ৰচিত অসমীয়া ভাষাত আঠখন, ইংৰাজী ভাষাত তিনিখন, হিন্দী ভাষাত এখন গ্ৰন্থ প্ৰকাশ কৰিছে। লগতে মাহেকীয়া আলোচনী মূহুৰ্ত, আৰোহণ আৰু ৰামধেনু কাব্যলোচনী সম্পাদনা কৰি অসমীয়া সাহিত্যলৈ বৰঙণি আগবঢ়াইছে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: